NORTHEAST NOW (Assamese)
অসম

অসমত আৰু ১৪ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৭৩৫লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 3, 2020 7:54 pm
Covid death toll in Assam reaches 930

আৰু ১৪গৰাকী ক’ভিড১৯ ৰোগীয়ে শনিবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৭৩৫লৈ বৃদ্ধি পাইছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত শুকুৰবাৰলৈকে ৭২১গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,৪৮,৯৬০গৰাকী ব্যক্তিয়ে শুকুৰবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত শুকুৰবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ৩৪,১২৮(।)

মুঠ ১,৮৩,৮১২গৰাকী ব্যক্তি অসমত শুকুৰবাৰলৈকে ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।