NORTHEAST NOW (Assamese)
Popular Stories

ৰাজস্থানৰ চম্বল নদীত ভয়ংকৰ নাও দুৰ্ঘটনা : শিশু-মহিলাসহ ১৪ গৰাকী তীৰ্থযাত্ৰীৰ সলিল সমাধিৰ আশংকা!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 16, 2020 2:48 pm
rescue-888245-1600238496

ৰাজস্থানৰ চম্বল নদীত সংঘটিত হৈছে এক ভয়ংকৰ নাও দুৰ্ঘটনা।

বুধবাৰে পুৱা হোৱা উক্ত নাও দুৰ্ঘটনাটোত অতি কমেও ১৪ গৰাকী লোকৰ সলিল সমাধি ঘটাৰ আশংকা কৰিছে স্থানীয় প্ৰশাসনে।

স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি বুধবাৰে(আজি) পুৱা ৰাজস্থানৰ কোটা জিলাৰ খাটুলি অঞ্চলৰ বিখ্যাত মন্দিৰ কমলেশ্বৰ ধামলৈ পূজা দিয়াৰ মানসেৰে চম্বল নদীয়েদি এখন নাৱেৰে ৪০-৫০ গৰাকী তীৰ্থযাত্ৰীয়ে যাত্ৰা কৰিছিল।

তীৰ্থযাত্ৰী লৈ যাত্ৰা কৰি থকা নাওখন হঠাতে পানীৰ মাজত দুঘৰ্টনাত পতিত হয়।

দুৰ্ঘটনাগ্ৰস্ত নাওখনত থকা তীৰ্থযাত্ৰীসকলৰ কিছু সংখ্যকে সাঁতুৰি জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈ যদিও বহু যাত্ৰী সন্ধানহীন হৈ আছে।

স্থানীয় প্ৰশাসনে নাও দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে স্থানীয় লোক আৰু আৰক্ষীৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰে।

পিটিআইৰ বাতৰি অনুসৰি এছডিআৰএফৰ বাহিনীয়ে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰি ২০-২৫ গৰাকী সন্ধানহীন লোককউদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত চাৰিজনক মৃত অৱস্থাত উদ্ধাৰ কৰিছে অভিযানকাৰী দলে।

বৰ্তমানেও ১০ জনৰো অধিক লোক সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে।

পুৱা প্ৰায় ৮.৪৫ বজাত সংঘটিত নাও দুৰ্ঘটনাটোত সন্ধানহীন হোৱা এই লোকসকল সলিল সমাধি ঘটাৰ আশংকা কৰিছে স্থানীয় প্ৰশাসনে।

“বুধবাৰে পুৱা ৮.৪৫ বজাত বুন্দী জিলাৰ ইন্দাৰগড়ৰ ৪০ জনৰো অধিক তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন নাও কোটা জিলাৰ খাটুলিৰ চম্বল নদীত দুৰ্ঘটনাত পতিত হৈছে।” কোটাৰ গ্ৰাম্য জিলাৰ আৰক্ষী অধীক্ষক চাৰদ চৌধুৰীয়ে পিটিআইৰ আগত কয়।

“উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে।” তেওঁ লগতে কয়।

পিটিআইৰ বাতৰি অনুসৰি উক্ত তীৰ্থযাত্ৰীসকলৰ মাজত শিশু আৰু মহিলাও আছিল।

উল্লেখ্য যে, ক’ৰ’ণা সংক্ৰমণৰ কাৰণে কমলেশ্বৰ ধাম দীৰ্ঘ দিন ধৰি বন্ধ হৈ আছিল। কিছুদিন পূৰ্বে চৰকাৰী স্বাস্থ্য বিধি মানি মন্দিৰটো পুনৰ মুকলি কৰা হৈছিল।