NORTHEAST NOW (Assamese)
অসম

হোজাইত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত ১৪ খনকৈ দোকান ভস্মীভূত

Posted by: এন ই নাও নিউজ March 24, 2019 12:08 pm

আজি পুৱতি নিশা হোজাইৰ বৰবহাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই বিধ্বংসী অগ্নিকাণ্ডত ১৪ খনকৈ দোকান জ্বলি ভস্মীভূত হোৱাৰ লগতে প্ৰায় ২০ লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট হয়।

প্ৰাপ্ত তথ্য অনুসৰি এখন দোকানত হোৱা বিস্ফোৰণৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু নিমিষতে জুইয়ে বিস্তৃত এটা এলেকা আগুৰি ধৰে।

ইফালে নিশাৰ ভাগত নিদ্ৰাত থকা স্থানীয় লোকে অগ্নিকাণ্ডৰ খবৰ তাৎক্ষণিকভাৱে অগ্নিনিৰ্বাপক বাহিনীক দিয়ে যদিও তেতিয়ালৈ ১৪ খনকৈ দোকান জুইত ভস্মীভূত হয়। পিছত অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হয়।

অগ্নি নিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপন কৰে যদিও তেতিয়ালৈ ১৪ খন দোকানৰ লগতে প্ৰায় ২০ লক্ষাধিক টকাৰ সম্পত্তি নষ্ট হয় বুলি জানিব পৰা গৈছে। ইফালে সংঘটিত হোৱা অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।