NORTHEAST NOW (Assamese)
অসম

হোজাইত ১৪ বছৰীয়া কিশোৰে ধৰ্ষণ  কৰিলে ১০ বছৰীয়া কন্যা শিশুক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 11, 2021 8:30 pm
rape-1582895664

এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে হোজাইত।

আৰক্ষী সূত্ৰে জানিব পৰা মতে ১৪ বছৰীয়া কিশোৰ জনে প্ৰলোভন দেখুৱাই কন্যা শিশুটিক কাষৰে জংঘললৈ লৈ যায় আৰু বলাৎকাৰ কৰে।

কন্যা শিশুটিৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত গাঁওবুঢাৰ ওচৰত অভিযোগ দিয়ে যদিও পিছত আৰক্ষীৰ কাষ চাপে।

আৰক্ষীয়ে লগে লগে কিশোৰটিক গ্ৰেপ্তাৰ কৰে।

আজি নগাঁৱৰ আদালতে কিশোৰটিক যোৰহাটৰ শিশু গৃহলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।

ৰাজ্যত ক্ৰমাগত ভাবে এনে ধৰণৰ ঘটনা সংঘটিত হ’বলৈ লোৱাত এতিয়া চিন্তিত হৈ পৰিছে সচেতন মহল।

বিশেষকৈ ১৪ বছৰীয়া কিশোৰো এনে ঘটনাত জড়িত হৈ পৰাতো চিন্তীয় কথা হৈ পৰিছে।