NORTHEAST NOW (Assamese)
অসম

‘আমি সকলো মূৰ্খ; মাত্ৰ হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, ৰঞ্জিত দাসহে মেধাৱী’

Posted by: কাজি জেইদুল ইছলাম February 4, 2019 9:48 pm
Biswanath

‘আমি সকলো মূৰ্খ মাত্ৰ নাগৰিকত্ব সংশোধনী বিধেয়কে অসমীয়াক ৰক্ষনাবেক্ষন দিব বুলি ঘোষণা কৰা হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, ৰঞ্জিত দাসহে মেধাৱী’ এই মন্তব্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ।

আজি বিশ্বনাথৰ চতিয়াত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ চতুৰ্দশ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি জামানে এই মন্তব্য কৰে।

আজিৰ এই অনুষ্ঠানত জামানৰ উপৰি খিলঞ্জীয়া মঞ্চৰ মুখ্য আহ্বায়ক অনুপ চেতিয়া, অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীকে ধৰি কেইবাটাও জাতীয় দল-সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে।

সভাত ভাষণ দি অনুপ চেতিয়াই কয় যে বহুতৰ মনত গৰিয়া মৰিয়া দেশী জাতীয় লোকসকল পূৰ্ববঙ্গীয় মুছলমান সকলৰ সৈতে একে বুলি ভুল ধাৰণা আছে। আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চৰকাৰৰ বিপক্ষে আন্দোলনৰ ক্ষেত্ৰত কাৰাগাৰলৈ যাবলৈও ভয় নাখায় বুলি চেতিয়াই মন্তব্য কৰে।

আনহাতে অসম সাহিত্য সভাৰ অধিৱেশনলৈ মুখ্য মন্ত্ৰী নহাৰ বিষয়টো সন্দৰ্ভত পৰমানন্দ ৰাজবংশীক সাংবাদিকে সোধা প্ৰশ্নত সভাপতি গৰাকীয়ে কয় যে অধিৱেশনলৈ মুখ্য মন্ত্ৰীক নিমন্ত্ৰণ কৰাৰ লগতে অধিৱেশন কেনেদৰে পাতিব লাগে সেই সম্পৰ্কত বহুবাৰ আলোচনাও হৈছিল ৷ ‘কিন্তু, হঠাৎ তেওঁ অধিৱেশনলৈ নহাটো তেওঁৰেই  দুৰ্ভাগ্য’।