NORTHEAST NOW (Assamese)

অতিবৃষ্টিৰ ফলত তেলেংগানাত ১৫ জনৰ মৃত্যু : সকলোকে ঘৰতে থাকিবলৈ আহ্বান চৰকাৰৰ

October 14, 2020 8:14 pm · এন ই নাও নিউজ
Updated: October 14, 2020 8:18 pm

প্ৰচণ্ড বৃষ্টিপাতৰ ফলত তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত ১৫ জন লোকৰ মৃত্যু ঘটিছে।

এই বৃষ্টিপাতৰ ফলত মহানগৰখনৰ লগতে ৰাজ্যৰখনৰ বিভিন্ন দ অঞ্চল আৰু পথসমূহত পানীত বুৰ গৈছে।

চৰকাৰী বিষয়াৰ উদ্ধৃতিৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে মংগলবাৰে নিশা মহানগৰৰ বিভিন্ন অঞ্চলত প্ৰৱল বৃষ্টিপাতৰ ফলত ঘৰ আৰু ক্ৰংকিটৰ ৱাল খহি পৰি উক্ত লোককেইজনৰ মৃত্যু ঘটিছে।

ইফালে ৰাজ্য চৰকাৰে অতিবৃষ্টিৰ বাবে ৰাজ্যখনত বুধবাৰ আৰু বৃহস্পতিবাৰে সকলো চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰে।

ৰাজ্যখনত পৰৱৰ্তী দুদিনলৈ অতিবৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলি চৰকাৰে সতৰ্ক কৰি সকলো লোককে আগন্তুক দুদিন ঘৰৰ পৰা নোলাবলৈ আহ্বান জনাইছে।

স্থানীয় আৰক্ষীয়ে জনাইছে যে চামশ্বাবাদ এলেকাৰ গাদানপাহাডত অতিবৃষ্টিৰ ফলত এটা ঘৰ খহি শিশুসহ একেটা পৰিয়ালৰে তিনিজন লোকৰ মৃত্যু হৈছে।

ইব্ৰাহিমপাটনমতো মংগলবাৰে নিশা অতিপাত বৰষুণৰ ফলত ঘৰৰ চালখন খহি পৰাত এগৰাকী ৪০ বছৰীয়া মহিলাসহ তেওঁৰ কন্যাৰ মৃত্যু ঘটিছে।

বৃহত্তৰ হায়দৰাবাদৰ মিউনিপাল ক’ৰ্পোৰেশ্যন(GHMC)এ মহানগৰখনত আৱদ্ধ হৈ পৰা পানী নিষ্কাশনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও নেৰানেপেৰা বৰষুণৰ বাবে এই কামত ব্যাঘাত জন্মিছে।

ইতিমধ্যে ৰাজ্যখনৰ মুখ্য সচিব সোমেশ কুমাৰে ৰাজ্যখনৰ সকলো জিলাতে হাই এলাৰ্ট জাৰি কৰিবলৈ জিলাৰ উপায়ুক্তসকললৈ নিৰ্দেশ দিছে।

আৰক্ষীয়ে ৰাজ্যখনৰ দুৰ্যোগ নিৰাময় বাহিনী(DRF) আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ নিৰাময় বাহিনীৰ সৈতে যৌথভাৱে বৰষুণৰ ফলত সৃষ্ট বানপানীত আক্ৰান্ত লোকসকলৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

Related News