NORTHEAST NOW (Assamese)
অসম

ৰে’ল যাত্ৰা হ’ব বিলাসী আৰু সুৰক্ষিত : কেনে সুবিধা থাকিব ব্যক্তিগত ৰে’লত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 9, 2020 2:59 pm
a aaaa rail ind

ভাৰত চৰকাৰে দেশত ব্যক্তিগত খণ্ডৰ কোম্পানীক ৰে’ল চলোৱাৰ অনুমতি প্ৰদান কৰাৰ পিছতে ১৫ টা কোম্পানীয়ে আজি নিবিদা দাখিল কৰিছে।

নিবিদা দাখিল কৰা কোম্পানী কেইটাৰ ভিতৰত আই আৰ চি টি চি,ভেল,অৰবিন্দ এভিয়েছন, এল এণ্ড টি, আদি কোম্পানী সমূহ আছে।

ৰে’ল দপ্তৰৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি ব্যক্তিগত কোম্পানীয়ে চলাবলগীয়া ৰে’ল সমূহ দেখিবলৈ বুলেট ৰে’লৰ দৰেই হ’ব।

ভাৰতত বৰ্তমান চলি থকা বন্দে ভাৰত এক্সপ্ৰেছৰ দৰে নিৰ্মাণ কৰিবলগীয়া ৰে’লত এলুমিনিয়ামৰ ব্যৱহাৰ বেছিকৈ কৰা হ’ব।

এলুমিনিয়ামেৰে তৈয়াৰ কৰাৰ বাবে এনে ৰে’লৰ ওজন কম হ’ব আৰু ৰে’লৰ গতিবেগ ঘণ্টাত প্ৰায় ১৬০ কিলোমিটাৰ হ’ব বুলি ধাৰণা কৰা হৈছে।

এনে ৰে’লত যাত্ৰা কৰা যাত্ৰীয়ে কোনো জোকাৰণি অনুভৱ নকৰিব।

আসন সমূহ হুইল চেয়াৰৰ দৰে হ’ব আৰু সেয়া নিয়ন্ত্ৰণ কৰিবলৈ আসনতে এটা ছুইচ থাকিব।

এনে ৰে’লৰ দাবাত থাকিব ডিজিটাল বোৰ্ড। সেই বোৰ্ডত ৰে’ল খনে কোন ষ্টেছন পাৰ হৈ গৈছে দেখা যাব।

লগতে বতৰ সম্পৰ্কীয় জাননীও তাত পোৱা যাব। দবা সমূহত থাকিব চিচিটিভি কেমেৰা।গাৰ্ডে সেই কেমেৰাত বন্দী দৃশ্য চাই থাকিব পাৰিব।

দবাত লগতে থাকিব টকবেকৰ সুবিধা। এই ব্যৱস্থাৰে যাত্ৰীয়ে যিকোনো সমস্যাতে গাৰ্ড, চালক আৰু ট্ৰেইন কেপ্তেইনৰ সৈতে কথা পাতিব পাৰিব।

এনে ৰে’লত যোগান দৰা খাদ্য দামী হোটেলৰ খাদ্যৰ দৰেই হ’ব।