NORTHEAST NOW (Assamese)

১৫ বছৰীয়া কিশোৰৰ সৈতে শিক্ষয়িত্ৰীৰ অবাধ যৌন সম্পৰ্ক! ধৰা পৰি ক’লে, মই ধুনীয়া, এয়াই মোৰ সমস্যা

April 3, 2025 12:05 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 3, 2025 4:34 pm

১৫ বছৰীয় ছাত্ৰৰ সৈতে অবাধ যৌনসম্পৰ্ক স্থাপনৰ অভিযোগত এগৰাকী  শিক্ষয়িত্ৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ছাত্ৰজনৰ ঘৰৰ লোকৰ অভিযোগৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শিক্ষয়িত্ৰীগৰাকীক।

ছাত্ৰজনৰ মাতৃয়ে তেওঁৰ ফোনত কিছু অশ্লীল মেছেজ পাইছিল। তেওঁ অভিযোগ কৰে যে শিক্ষয়িত্ৰীগৰাকীয়ে এই মেছেজ পঠিয়াইছিল আৰু ছাত্ৰজনৰ সৈতে দীৰ্ঘদিন ধৰি যৌন সম্পৰ্কত আছিল। মাকৰ অভিযোগৰ পিছতে আৰক্ষীয়ে ত ক্ৰীষ্টিনা নামৰ শিক্ষয়িত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰে।

তেওঁ ছাত্ৰজনক পঢ়োৱাৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰিছিল বুলি সদৰী কৰিছে। গ্ৰেপ্তাৰৰ পিছত তেওঁ নিজকে নিৰ্দোষী বুলি আদালতত আত্মপক্ষ সমৰ্থন কৰি কয়, “মই ধুনীয়া, এয়াই মোৰ সমস্যা। মই পঢ়োৱাত গুৰুত্ব দিছিলো। কিন্তু ছাত্ৰজনে মোৰ বিষয়ে ভুল ভাবিছে। ছাত্ৰজনে তেওঁৰ ফোনৰ পৰা মেছেজ পঠিয়াই ফঁচাবলৈ ব্লেকমেইল কৰিছে বুলি জনাইছে।

অৱশ্যে আদালতে তেওঁৰ বক্তব্য শুনাৰ পিছত জামিন প্ৰদান কৰিছে। কিন্তু গোচৰৰ সিদ্ধান্ত নোহোৱালৈকে তেওঁ স্কুলত সোমাব নোৱাৰিব আৰু ২০ বছৰৰ তলৰ কোনো শিশু-কিশোৰৰ কাষ চাপিব নোৱাৰিব। এপ্ৰিলত এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে আদালতে।

Related News