NORTHEAST NOW (Assamese)
Popular Stories

ছ’চিয়েল মিডিয়াৰ বাবেই ভাঙিছে সংসাৰ: ইন্দোৰত ৪০ দিনত ১৫০হাল দম্পতীৰ বিচ্ছেদ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 12, 2025 7:30 pm

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ উপ-অধিনায়ক স্মৃতি মান্ধানা আৰু গায়ক পলাশ মুছলৰ বিবাহ বিচ্ছেদক লৈ চৰ্চা চলি থকাৰ সময়তে, চিয়েল মিডিয়াৰ প্ৰভাৱত সমগ্ৰ দেশতে বিবাহ বিচ্ছেদৰ হাৰ বৃদ্ধি পোৱাৰ এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। শুনা গৈছে যে কোৰিঅগ্ৰাফাৰৰ সৈতে হোৱা অন্তৰংগ আড্ডা আৰু আন এগৰাকী মহিলাৰ সৈতে হোৱা বাৰ্তালাপ ফাদিল হোৱাৰ পিছতে স্মৃতিয়ে পলাশৰ সৈতে তেওঁৰ বিবাহ বাতিল কৰিছিল। কিন্তু এই ক্ষেত্ৰত স্মৃতি অকলশৰীয়া নহয়।

বাতৰি অনুসৰি, যোৱা ৪০ দিনত কেৱল মধ্যপ্ৰদেশৰ ইন্দোৰতে ১৫০টা দম্পতীৰ বিচ্ছেদ ঘটিছে। সমগ্ৰ দেশতে এই সংখ্যা বহু বেছি হোৱাৰ সম্ভাৱনা আছে। তথ্য অনুসৰি, মানুহৰ মাজত যোগাযোগ সহজ কৰি তোলা ছচিয়েল মিডিয়াৰ শক্তিয়েই এতিয়া দেশজুৰি বিবাহ বিচ্ছেদৰ মূল কাৰণ হৈ পৰিছে।

সংবাদ মাধ্যম দৈনিক ভাস্কৰৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে মাত্ৰ ৪০ দিনতে ইন্দোৰত ১৫০ৰো অধিক বিবাহ বিচ্ছেদ হৈছে আৰু ইয়াৰ আঁৰৰ মূল কাৰণ হৈছে ছচিয়েল মিডিয়া। ৬২ শতাংশ ক্ষেত্ৰত, প্ৰাক্তন সম্পৰ্ক আৰু পুৰণি ছচিয়েল মিডিয়া পোষ্টৰ বাবে বিবাহ বিচ্ছেদ ঘটিছে। বাকী থকা গোচৰবোৰ পৰিয়ালত হোৱা মৃত্যু/দুৰ্ঘটনা, পাৰস্পৰিক বিবাদ বা অন্যান্য অভাৱনীয় পৰিস্থিতিৰ বাবে হোৱা বুলি জনা গৈছে।

বেছিভাগ ক্ষেত্ৰতে দেখা গৈছে যে হবলগীয়া দম্পতীৰ এজনে তেওঁৰ সংগীৰ পুৰণি পোষ্টবোৰ আৱিষ্কাৰ কৰাৰ পিছতে সমস্যাৰ সৃষ্টি হৈছে। উদাহৰণস্বৰূপে, প্ৰি-ৱেডিং শ্বুটিঙৰ সময়ত কইনাৰ পুৰণি পোষ্টক লৈ দুয়োৰে মাজত কাজিয়া আৰম্ভ হৈছিল, যাৰ ফলত বিয়াখন বাতিল কৰা হয়। আন এটা ঘটনাত, প্ৰায় ১ কোটি টকাৰ বাজেটেৰে আয়োজন কৰা বিবাহ অনুষ্ঠানত সংগীতৰ পিছতেই এগৰাকী কইনা নিৰুদ্দেশ হৈছিল। পিছত গম পোৱা গৈছিল যে তেঁও আন কাৰোবাৰ লগত সম্পৰ্কত আছিল। ইয়াৰ উপৰিও, কিছুমান ক্ষেত্ৰত যৌতুকক বিবাহ বিচ্ছেদৰ কাৰণ হিচাপে দেখা গৈছে।

এই বিবাহ বিচ্ছেদৰ ফলত হোৱা লোকচান বহু কোটি টকাৰ। হোটেল, কেটাৰ, বেণ্ড, ডেকোৰেটৰ আৰু অন্যান্য সেৱা প্ৰদানকাৰীসকল ক্ষতিগ্ৰস্ত হৈছে। ফলত বিশেষজ্ঞসকলে দাবী কৰিছে যে ছচিয়েল মিডিয়াই সম্পৰ্ক গঢ়াত সহায় কৰাৰ সুনাম অৰ্জন কৰিলেও, বাস্তৱত বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত এতিয়া ছচিয়েল মিডিয়া মূল খলনায়ক।