NORTHEAST NOW (Assamese)

সমন্বয় পুথিভঁৰালৰ পঞ্চদশ বৰ্ষপূৰ্তি: ড° হীৰেন গোহাঁইৰ বিশেষ বক্তৃতানুষ্ঠান

November 28, 2023 7:00 pm · এন ই নাও নিউজ, গুৱাহাটী

সফলতাৰ পোন্ধৰটাকৈ বছৰ অতিক্ৰম কৰিলে বিহামপুৰস্থিত সমন্বয় পুথিভঁৰালে। সমাজত শৈক্ষিক জাগৰণৰ এই অগ্ৰণী অনুষ্ঠানটিৰ পঞ্চদশ বৰ্ষপূৰ্তি অহা ৩ ডিচেম্বৰ দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হ’ব।

মূলতঃ শিশু, কিশোৰ-কিশোৰী, যুৱক-যুৱতীৰ মাজত গ্ৰন্থ অধ্যয়নৰ মানসিকতা গঢ়া, ঐতিহ্যপূৰ্ণ লোকসংস্কৃতিৰ চৰ্চা আৰু সংৰক্ষণ কৰা, আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাক গণতান্ত্ৰিক দৃষ্টিভংগীৰে চাবলৈ সুস্থ মূল্যবোধ সৃষ্টি কৰাৰ দৰে গুৰুত্বপূৰ্ণ লক্ষ্য আৰু উদ্দেশ্যক লৈ গঢ়ি উঠিছিল পুথিভঁৰালটি৷

সমন্বয় পুথিভঁৰালৰ এই পঞ্চদশ বৰ্ষপূৰ্তি আয়োজনৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিছে সম্পাদক আবেদুৰ ৰহমানে৷ কাৰ্যসূচী অনুসৰি সিদিনা পুৱা ৮ বজাত পুথিভঁৰালৰ পতাকা উত্তোলন কৰিব পুথিভঁৰালৰ সভাপতি, বিশিষ্ট কথাশিল্পী জয়ন্ত কুমাৰ চক্ৰৱৰ্তীয়ে৷

৮-৩০ বজাত পুথিভঁৰাল প্ৰাংগণত গছপুলি ৰোপণ কৰিব বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মকিবৰ ৰহমান, ডিৰুৱাস্থিত গোপালথান মিলন এম.ই স্কুলৰ প্ৰধান শিক্ষক কুলেন বৰ্মন আৰু মধুপুৰ জুনিয়ৰ বেছিক স্কুলৰ প্ৰধান শিক্ষক মাধৱ ৰাজবংশীয়ে৷

৯-৩০ বজাত অনুষ্ঠিত হ’ব নৱনিৰ্মিত ‘মুকলি মঞ্চ’ৰ শুভ উদ্বোধন আৰু অন্তৰংগ আলাপ৷ মঞ্চ মুকলি অনুষ্ঠানৰ অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট সমাজকৰ্মী মইনুল আলী, বেংক বিষয়া ইমৰাণ আলী আৰু বিশিষ্ট গদ্য শিল্পী বিপুল শৰ্মা৷

দুপৰীয়া ২-৩০ বজাত জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিব কামৰূপ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা জুমি কলিতাই৷ ২-৪০ বজাত আৰম্ভ হ’ব বিশিষ্ট বুদ্ধিজীৱী, চিন্তাবিদ, সাহিত্যিক ড° হীৰেণ গোহাঁইৰ বিশেষ বক্তৃতানুষ্ঠান৷ অনুষ্ঠান সঞ্চালনা কৰিব জয়ন্ত কুমাৰ চক্ৰৱৰ্তীয়ে৷

সন্ধিয়া ৫ বজাত আৰম্ভ হ’ব ‘তাজিমুদ্দিন আহমেদ সোঁৱৰণী সমন্বয় সন্ধিয়া’৷ উদ্বোধন কৰিব নলবাৰী সদৰৰ চক্ৰ বিষয়া প্ৰাঞ্জল বৰুৱাই (এ.চি.এচ)৷ ‘তাজিমুদ্দিন আহমেদ স্মৰণ’ কাৰ্যসূচী ৰূপায়ণ কৰিব বিশিষ্ট শিল্পী তথা পুথিভঁৰালৰ উপ-সভাপতি উমেশ দত্তই৷

সমন্বয় পুথিভঁৰালৰ বছৰেকীয়া প্ৰকাশ ‘জাখৰ’ৰ তৃতীয় সংখ্যা আৰু শিশু আলোচনী ‘কলৰৱ’ৰ চতুৰ্থ সংখ্যা উন্মোচন কৰিব নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমল নয়ন পাটোৱাৰীয়ে৷ এই মঞ্চতে সম্পন্ন হ’ব ‘বিশেষ শুভ চিন্তকলৈ সাদৰ সম্ভাষণ আৰু চা-চিনাকি পৰ্ব’ শীৰ্ষক এক অনুষ্ঠান৷

Related News