NORTHEAST NOW (Assamese)
অসম

অসমত ১৬৩২ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৪.৮৫ শতাংশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 3, 2020 10:45 pm
642 persons test Covid19 positive in Assam on Saturday

১৬৩২গৰাকী ব্যক্তি শনিবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

যোৱা ২৪ ঘণ্টাত ৩৩,৬৫৬টা ক’ভিড টেষ্টত এইসকলক পজিটিভ পোৱা গৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৪.৮৫ শতাংশ। শুকুৰবাৰে এই হাৰ আছিল ৫ শতাংশ।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৩৮৭, যোৰহাটৰ ১৪০ আৰু ডিব্ৰুগড়ৰ ১১৮গৰাকী ব্যক্তি।

নতুনকৈ পজিটিভসকলক ধৰি অসমত এতিয়ালৈকে চিনাক্ত ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৮৫,৪৪৪লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু ১৪গৰাকী ক’ভিড১৯ ৰোগীয়ে শনিবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৭৩৫লৈ বৃদ্ধি পাইছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত শুকুৰবাৰলৈকে ৭২১গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,৪৮,৯৬০গৰাকী ব্যক্তিয়ে শুকুৰবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।