NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 19, 2022 8:54 pm
Russia-Ukraine war

ইউক্ৰেইনৰ বন্দৰ চহৰ মাৰিঅ’পোলৰ আজোভষ্টাল ষ্টীল প্ৰকল্পত এই সপ্তাহতে ১,৭৩০ জন ইউক্ৰেইন সৈন্যই আত্মসমৰ্পণ কৰিছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে আজি এই দাবী কৰিছে।

এক বিবৃতিত মন্ত্ৰালয়ে কয়, “যোৱা ২৪ ঘণ্টাত আজভ নেচনেলিষ্ট ৰেজিমেণ্টৰ ৭৭১ জন সেনাই আত্মসমৰ্পণ কৰিছে।”

১৬ মে’ৰ পৰা সৰ্বমুঠ ১,৭৩০ জন সেনাই আত্মসমৰ্পণ কৰিছে আৰু ইয়াৰ ভিতৰত ৮০ জন আহত সেনাও আছে বুলি বিবৃতিটোত লগতে যোগ দিয়া হৈছে।

মন্ত্ৰালয়ে আত্মসমৰ্পণকাৰী সেনাৰ এটা ভিডিঅ’ও মুকলি কৰিছে। ভিডিঅ’টোত আত্মসমৰ্পণকাৰী সৈন্যসকলক আজোভষ্টাল ষ্টীল প্ৰকল্পৰ পৰা ওলাই অহা দেখিবলৈ পোৱা গৈছে।

আঘাতপ্ৰাপ্ত ইউক্ৰেনীয়ান সৈনিকসকলক পূৱ ইউক্ৰেইনৰ ৰাছিয়া নিয়ন্ত্ৰিত অঞ্চলৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছে বুলি মন্ত্ৰালয়ে লগতে উল্লেখ কৰে।

আনহাতে ইউক্ৰেইনে আজোভষ্টালত আত্মসমৰ্পণ কৰা যুঁজাৰুসকলৰ বাবে বন্দী বিনিময় বিচাৰিব বুলি ইংগিত দিছে। অৱশ্যে মস্কোৱে এতিয়াও এই বিষয়ত নিশ্চিত উত্তৰ দিয়া নাই।