NORTHEAST NOW (Assamese)

সোতৰ হেজাৰ বছৰ পুৰণি এটা কেংগেৰু! ক’ত?

February 23, 2021 4:53 pm · এন ই নাও নিউজ

অষ্ট্রেলিয়াৰ বিজ্ঞানীসকলে এটা প্রাচীন কেংগেৰু উদ্ধাৰ কৰিছে। শিলত কাটি অঁকা এই কেংগেৰুটোৰ ছৱিখন ১৭,৩০০ বছৰ পুৰণি।

পশ্চিম অষ্ট্ৰেলিয়াৰ কিম্বাৰ্লী অঞ্চলত প্ৰাপ্ত এই ছৱিখন অষ্ট্ৰেলিয়ান আদিবাসীসকলে আঁকিছিল বুলি বিজ্ঞানীসকলে থাৱৰ কৰিছে। পেইণ্টিংখনৰ দৈৰ্ঘ হৈছে ২ মিটাৰ।

নেচাৰ হিউমেন বিহেভিয়াৰে বুধবাৰে প্ৰকাশ কৰা এই ছৱিখনৰ বয়স জুখিবলৈ মাডৱেস্প ডেটিং টেকনিক ব্যৱহাৰ কৰিছিল। ইয়াৰ নেতৃত্ব প্ৰদান কৰিছিল মেলব’ৰ্ণ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ ডেমিয়েন ফিন্সে।ৰ্ণ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ ডেমিয়েন ফিন্সে।

বিজ্ঞানীসকলে কৈছে যে অষ্ট্ৰেলিয়াত প্ৰাপ্ত আদিম শিল্পৰ ভিতৰত এই কেংগেৰুৰ ছৱিখনেই আটাইতকৈ প্ৰাচীন।

উল্লেখযোগ্য বিজ্ঞানীসকলে ইণ্ডোনেছিয়াৰ এটা গুহাতো ৪৫,০০০ বছৰ পুৰণি এটা গাহৰিৰ ছৱি আৱিষ্কাৰ কৰিছিল। ইয়াৰ স’তে অষ্ট্ৰেলিয়াৰ কেংগেৰুৰ ছৱিখনৰ স’তে থাকিবলগা সম্ভাব্য সংযোগৰ বিষয়ে তেওঁলোকে গৱেষণা কৰি আছে।

Related News