NORTHEAST NOW (Assamese)
Popular Stories

এছবিআইৰ শাখাত ১৭৫ কোটি টকাৰ জালিয়াতি! ডুবাইৰ পৰা ৰচনা কৰা হৈছিল এই পৰিকল্পনা

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 29, 2024 2:58 pm

এছবিআইত সংঘটিত বৃহৎ আৰ্থিক জালিয়াতিৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বেংকৰ মেনেজাৰৰ লগতে একাংশ কৰ্মচাৰীক। হায়দৰাবাদৰ সেই শাখাত ১৭৫ কোটি টকাৰ জালিয়াতিৰ অভিযোগ দাখিল কৰা হৈছে।

জানিব পৰা মতে, হায়দৰাবাদৰ শ্বামশ্বেৰগঞ্জ অঞ্চলৰ এছ বি আই শাখাত ৫০ লাখ টকাৰ বিনিময়ত নতুন একাউণ্ট খোলা হৈছিল। অভিযুক্ত বেংকৰ পৰিচালক আৰু কৰ্মচাৰীসকলে ধন উলিওৱাতো সহায় কৰিব, আৰু ক’লা ধনক বগালৈ ৰূপান্তৰিত কৰিবলৈ কেনেকৈ এটা একাউণ্টৰ পৰা আন এটা একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিব পাৰি।

এই অভিযোগত আৰক্ষীয়ে মেনেজাৰ মধু বাবু গালিক গ্ৰেপ্তাৰ কৰে। চাইবাৰ ছিকিউৰিটি ব্যুৰোৱে জনোৱা মতে, আৰ্থিক জালিয়াতিৰ সৈতে জড়িত এজন জিম প্ৰশিক্ষককো গ্ৰেপ্তাৰ কৰা হৈছে।

শেহতীয়াকৈ শ্বামছেৰগঞ্জত ভাৰতীয় ষ্টেট বেংক শাখাৰ ৬টা বেংক একাউণ্টৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযোগ উত্থাপন হৈছিল। যেতিয়া এই বিষয়টো চাইবাৰ ছিকিউৰিটি ব্যুৰোৰ তথ্য বিশ্লেষণ দলৰ দৃষ্টিগোচৰ হয়, তেতিয়া বিষয়াসকলে তদন্ত আৰম্ভ কৰে। দেখা যায় যে চলিত বৰ্ষৰ মাৰ্চৰ পৰা এপ্ৰিল মাহৰ ভিতৰত সেই একাউণ্টৰ পৰা বিপুল পৰিমাণৰ ধনৰ লেনদেন হৈছিল।

তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে এই একাউণ্টৰ জৰিয়তে হাৱালাৰ ধনৰ লেনদেন চলি থকা দেখা গ’ল। এই একাউণ্টসমূহ চাইবাৰ অপৰাধতো ব্যৱহাৰ কৰা হৈছিল। ডুবাইৰ পৰাই চলিছিল এই জালিয়াতি চক্ৰৰ মাষ্টাৰমাইণ্ড। সাধাৰণ মানুহক বেংক একাউণ্ট খুলিবলৈ প্ৰলোভিত কৰা হৈছিল আৰু সেই একাউণ্ট ব্যৱহাৰ কৰি হাৱালা ধনৰ লেনদেন কৰা হৈছিল। সেই শাখাতে এনেদৰে সংঘটিত হৈছিল ১৭৫ কোটি টকাৰ দুৰ্নীতি।