NORTHEAST NOW (Assamese)
অসম

অসমৰ পৰা বিতাড়নৰ কৰা হ’ল ১৮ জন বাংলাদেশী অনুপ্ৰৱেশকাৰী : সদৰী কৰিলে মুখ্যমন্ত্ৰীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 8, 2025 7:30 pm

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২৫ চনৰ ৮ ছেপ্টেম্বৰ সোমবাৰে ১৮ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক উভতাই পঠোৱাৰ কথা ঘোষণা কৰি কয় যে অবৈধ অনুপ্ৰৱেশকাৰীক বাধা দিয়াৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

শৰ্মাই এক্সত লিখিছে, “এই বিতাড়নৰ সমূহৰ ওপৰত মোৰ আগৰ পোষ্টবোৰত দিয়া মন্তব্যবোৰ পঢ়িছো যত মানুহে বহু কথাৰ পৰামৰ্শ দিছে। নিশ্চিত হওক, আমি এই অনুপ্ৰৱেশকাৰীসকল যাতে পুনৰ অসমলৈ ঘূৰি নাহে তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰি আছো। ইয়াৰে ১৮ জনক যোৱা নিশা PUSHED BACK কৰা হৈছে।

অৱশ্যে অনুপ্ৰৱেশপকাৰী সকলক কোনখন জিলাৰ পৰা বিতাড়িত কৰা হৈছে সেই বিষয়ে উল্লেখ কৰা নাই।