NORTHEAST NOW (Assamese)

নেপালত ভয়ংকৰ ভূমিস্খলন : শিশু-মহিলাসহ ১৮ গৰাকী মৃত্যু, ২১ গৰাকী সন্ধানহীন

August 16, 2020 2:48 pm · এন ই নাও নিউজ
Updated: August 16, 2020 2:58 pm

দেওবাৰে (১৬ আগষ্ট) নেপালত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন।

নেপালৰ চৰকাৰী সূত্ৰই কৰা প্ৰকাশ অনুসৰি দেশখনৰ সিন্ধুপালচ’ক জিলাত দেওবাৰে সংঘটিত ভয়ানক ভূমিস্খলনটোত ১৮ গৰাকীৰো অধিক লোক মৃত্যু হোৱাৰ লগতে ১২ গৰাকীকৈ লোক সন্ধানহীন হৈ আছে।

মৃতসকলৰ মাজত ১১ গৰাকী শিশু, চাৰি গৰাকী মহিলা আৰু তিনিজন পুৰুষ আছে বুলি জানিবলৈ দিছে সিন্ধুপালচ’ক জিলাৰ আৰক্ষী অধীক্ষক প্ৰাজৱল মহাৰাজনে।

উদ্ধাৰকাৰী দলে ভূমিস্খলন সংঘটিত ঠাইত উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে প্ৰকাশ বুলি কৰিছে সংবাদ প্ৰতিষ্ঠান জিনঝুৱানেট-এ।

উল্লেখ্য যে জিলাখনৰ যুগল গ্ৰামীণ মিউনিচিপালিটি অঞ্চলৰ লিধি গাঁৱত যোৱা শুকুৰবাৰে হোৱা ভূমিস্খলনত ৩৭ টা গৃহ ক্ষতিগ্ৰস্ত হৈছিল।

জিলা প্ৰশাসনে ভূমিস্খলনত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সমীপৰ নিৰাপদ স্থানত সংস্থাপিত কৰিছে।

অঞ্চলটোত পুনৰ ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰিছে জিলাখনৰ আৰক্ষী অধীক্ষক গৰাকীয়ে।

“পুনৰ ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে, আমি পাহাৰৰ তলৰ আৱাসীসকলক নিৰাপদ স্থানত সংস্থাপিত কৰিছো, তেওঁলোকৰ বাবে অস্থায়ী শিবিৰ স্থাপন কৰা হৈছে। ওচৰৰ এটা পাহাৰো উন্মুক্ত হৈ আছে আৰু পাহাৰৰ তলত ২৫ টা গৃহ আছে।” আৰক্ষী অধীক্ষক মহাৰাজনে কয়।

উল্লেখ্য যে লিধি গাঁও হৈছে নেপাল চৰকাৰৰ দ্বাৰা ঘোষিত আটাইতকৈ বেছি ভূমিস্খলনপ্ৰৱণ এলেকা।

২০১৫ চনৰ ভূমিকম্পৰ পিছতে পুনৰ নিৰ্মাণৰ বাবে গঠন কৰা নেপালৰ ৰাষ্ট্ৰীয় ৰিকনষ্ট্ৰাকশ্যন অথ’ৰিটি-এ উক্ত গাঁওখনৰ সুৰক্ষা আৰু সংস্থাপনৰ প্ৰয়োজন আছিল বুলি চিনাক্ত কৰিছিল যদিও সেয়া কৰা হোৱা নাছিল।

Related News