NORTHEAST NOW (Assamese)
অসম

মিজোৰামত ১১ গৰাকী নিৰাপত্তাৰক্ষী বাহিনীৰ লোককে ধৰি নতুনকৈ ১৮ গৰাকী লোক কোভিড প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 13, 2020 9:55 pm
COVID19-image-credit-Odishatv-1140x570

মিজোৰামত বিগত ২৪ ঘণ্টাত ১১ গৰাকী নিৰাপত্তাবাহিনীৰ লোককে ধৰি মুঠ ১৮ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

এটা বিবৃতিত মিজোৰামৰ ৰাজ্যিক তথ্য আৰু জনসংযোগ বিভাগে এই কথা প্ৰকাশ কৰে।

মিজোৰামত ক’ৰ’না প’জিটিভ হোৱা ১১ গৰাকী নিৰাপত্তাৰক্ষী বাহিনীৰ লোকৰ ভিতৰত ৬ গৰাকী ভাৰতীয় সেনা বাহিনীৰ আৰু ৫ গৰাকী অসম ৰাইফলছৰ জোৱান।

মিজোৰামত নতুনকৈ ক’ৰ’না প’জিটিভ হোৱা ১৮ গৰাকী লোকৰ ভিতৰত পাঁচগৰাকী লুংগলেই জিলাৰ, দুগৰাকী আইজল আৰু মামিত জিলাৰ আৰু এগৰাকী চাৰ্চিপ জিলাৰ।

মিজোৰামৰ ৰাজ্যিক স্বাস্থ্য বিভাগে সদৰী কৰা অনুসৰি বৰ্তমান ৰাজ্যখনত ১৫৬ গৰাকী সক্ৰিয় কোভিড ৰোগী চিকিৎসাধীন হৈ আছে।

আনহাতে, বৰ্তমানলৈ চিকিৎসাৰ অন্তত মুঠ ২০৪৬ গৰাকী ব্যক্তি ক’ৰ’নাৰ সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে।

উল্লেখযোগ্য কথাটো হ’ল যে, বৰ্তমানলৈ মিজোৰামত কোভিডৰ সংক্ৰমণত কোনো লোকে প্ৰাণ হেৰুওৱা নায়।