NORTHEAST NOW (Assamese)
দেশ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী July 1, 2025 7:15 pm

কৰ্ণাটকৰ হাছান জিলাত যোৱা এমাহত হাৰ্ট এটেকত আক্ৰান্ত হৈ ১৮ জন লোকৰ মৃত্যু হৈছে। হাৰ্ট এটেকত মৃত্যু হোৱাসকলৰ ভিতৰত ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰৰ যুৱক-যুৱতীও আছে।

এই মৃত্যুৰ তদন্তৰ নিৰ্দেশ দিছে কৰ্ণাটকৰ স্বাস্থ্যমন্ত্ৰী দীনেশ গুণ্ডু ৰাৱে।

এই তদন্ত জয়দেৱ ইনষ্টিটিউট অৱ কাৰ্ডিঅভাস্কুলাৰ ছায়েন্স এণ্ড ৰিচাৰ্চৰ সঞ্চালকৰ নেতৃত্বত কৰা হব বুলি চ্ৰকাৰে জানিবলৈ দিছে।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়, “এই বিষয়ে জানিব পৰাৰ লগে লগে আমি তদন্তৰ নিৰ্দেশ দিলোঁ। আমি জানিব বিচাৰো ইয়াৰ আঁৰৰ কাৰণ কি?”তেওঁ কয়, “এমাহত হাৰ্ট এটেকত ১৮ জন লোকৰ মৃত্যু হৈছে। এখন জিলাতে হাৰ্ট এটেকৰ ফলত ইমানবোৰ লোকৰ মৃত্যু হোৱাটো চিন্তনীয়। সেয়ে তদন্তৰ নিৰ্দেশ দিয়া হৈছে।”