NORTHEAST NOW (Assamese)
দেশ

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 29, 2022 11:53 am
building collapses in Mumbai

মুম্বাইৰ কুৰ্লাত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। সোমবাৰে পূব কুৰ্লাৰ নায়েক নগৰ অঞ্চলত এটা চাৰিমহলীয়া অট্টালিকা খহি পৰাৰ ফলত ১৯ জন লোকৰ মৃত্যু হয়।

মুম্বাই আৰক্ষীয়ে জনোৱা অনুসৰি ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰা লোকসকলক উদ্ধাৰ কৰিবলৈ এতিয়াও উদ্ধাৰ অভিযান চলি আছে। এনে অৱস্থাত মৃতকৰ সংখ্যা নিশ্চিতভাৱে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

বৃহন্মুম্বাই পৌৰ নিগমৰ অগ্নি নিৰ্বাপক বাহিনী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে (NDRF) সোমবাৰে নিশাৰ পৰা উদ্ধাৰ অভিযান চলাই আহিছে। তেওঁলোকে ভৱনটোৰ ধ্বংসাৱশেষৰ পৰা ৩২ জন লোকক উদ্ধাৰ কৰিছে। ইয়াৰে ১৮ জনক চিকিৎসালয়ত মৃত ঘোষণা কৰা হৈছে।

মহাৰাষ্ট্ৰৰ কেবিনেট মন্ত্ৰী আদিত্য ঠাকৰেয়ে মঙলবাৰে ঘটনাস্থলী পৰিদৰ্শন কৰে। বৃহন্মুম্বাই পৌৰ নিগমে জৰাজীৰ্ণ আৰু দুৰ্বল অট্টালিকাসমূহক ধ্বংস কৰাৰ বাবে জাৰি কৰা জাননীসমূহ কৰ্তৃপক্ষই পৰ্যালোচনা কৰি আছে বুলি তেওঁ জানিবলৈ দিয়ে।

ৰাজ্য চৰকাৰে ঘটনাটোত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ সদস্যসকলৰ বাবে ৫ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰে। আনহাতে আটাইকেইজন আহত লোকক বিনামূলীয়াকৈ ৰাজাৱাড়ী আৰু চিয়ান চিকিৎসালয়ত চিকিৎসা কৰা হৈছে।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিহতসকলৰ মৃত্যুত শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা মৃতকৰ পৰিয়ালক ২ লাখ টকাৰ অনুদান প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে। তেওঁ লগতে আহতসকলক ৫০,০০০ টকাকৈ সাহায্য দিয়া হ’ব বুলিও ঘোষণা কৰে।

আনহাতে অট্টালিকাটো তথা ভূমিৰ গৰাকী সকলৰ বিৰুদ্ধে ধাৰা ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০৪(২),৩০৮, ৩৩৭, ৩৩৮ আৰু ৩৪ ৰ অধীনত এখন এজাহাৰ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে।