NORTHEAST NOW (Assamese)

সমাগত ’১৯ৰ নিৰ্বাচন: কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাৰ সৈতে ‘যোগাযোগ’ বিজেপিৰ!

September 22, 2018 8:17 pm · এন ই নাও নিউজ
Updated: September 25, 2018 3:54 pm
ববিতা শৰ্মা। ছবি টুইটাৰৰ পৰা।

’১৯ৰ লোকসভা নিৰ্বাচনৰ পদধ্বনি দেশবাসীৰ কাণত পৰাৰ সময়তে বিজেপিৰ নতুন দিল্লীস্থিত মুখ্য কাৰ্য্যালয়ে ‘যোগাযোগ’ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ববিতা শৰ্মাক!

কংগ্ৰেছৰ মানুহেৰে দল ভৰোৱা বুলি সমালোচিত বিজেপিয়ে পিছে দলত যোগ দিয়াৰ বাবে নহয়, সাংবাদিকৰ ছদ্মৱেশত তথ্য গোটোৱাৰ চেষ্টা কৰা বুলিহে অভিযোগ তুলিছে শৰ্মাই। বিজেপিক তেওঁ ‘ঠগ’ বুলিও কটাক্ষ কৰিছে।

জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী তথা অভিনেত্ৰী-পৰিচালিকা গৰাকীয়ে শনিবাৰে টুইটাৰ আৰু ফে’ছবুকযোগে অভিযোগ কৰে যে ৰাষ্ট্ৰীয় টিভি চেনেল এনডিটিভিৰ সাংবাদিক ‘ৰবিন’ৰূপে পৰিচয় দি এজন লোকে শুকুৰবাৰে আবেলি শৰ্মাই পূৰ্বে প্ৰতিদ্বন্দ্বিতা কৰা পূব গুৱাহাটী সমষ্টিৰ লগতে কাষৰীয়া সমষ্টিসমূহৰ জনবিন্যাসৰ তথ্য বিচাৰে। উদ্দেশ্য ’১৯ৰ লোকসভা নিৰ্বাচনৰ একজিট প’ল।

 

ববিতা শৰ্মাই ফে’ছবুকত ৰাজহুৱা কৰা এম টি এন এলৰ তথ্যৰ ছবি।

কিন্তু পিছত শৰ্মাই এম টি এন এল-ৰ ডাইৰেক্তৰি পৰীক্ষা কৰি দেখে যে সেই নম্বৰটো এনডিটিভি নহয়, নতুন দিল্লীস্থিত বিজেপি মুখ্য কাৰ্য্যালয়ৰহে নম্বৰ!

তেৱেঁই নহয়, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়েও অনুৰূপ ফ’ন পোৱা বুলি শনিবাৰে টুইটাৰযোগে প্ৰকাশ কৰি শৰ্মাই বিজেপিক ‘ঠগ’ৰূপে সমালোচনা কৰিছে।

জ্যেষ্ঠ কংগ্ৰেছী নেত্ৰীগৰাকীৰ এই অভিযোগে চ’চিয়েল মিডিয়াত বিজেপিক হাঁহিয়াতৰ পাত্ৰ কৰি তোলাৰ পিছত এই সন্দৰ্ভত বিজেপিৰ প্ৰতিক্ৰিয়া লক্ষণীয় হ’ব।

Related News