NORTHEAST NOW (Assamese)
Popular Stories

শিৱসাগৰত ১৯ টা শগুণৰ মৃত্যু; অন্য ১৫ টা অচেতন অৱস্থাত উদ্ধাৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ April 21, 2020 7:47 pm
শিৱসাগৰত ১৯ টা শগুণৰ মৃত্যু; অন্য ১৫ টা অচেতন অৱস্থাত উদ্ধাৰ
দেশত ক’ৰ’না আতংকৰ মাজতেই শিৱসাগৰৰ দিচাংমুখত ১৯ টা শগুনৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে শিৱসাগৰ বন আঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ দিচাংমুখৰ লেপাই দীঘল-দৰিয়ালি পথাৰত আজি দুপৰীয়া স্থানীয় এজন যুৱকে পথাৰৰ বিভিন্ন স্থানত বহুটো মৃত শগুন সিচৰিত হৈ পৰি থকা দেখিবলৈ পায়। লগে লগে যুৱকজনে শিৱসাগৰ বন আঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰে।
কিছু সময়ৰ পিছত ঘটনাস্থলীত বন বিভাগৰ দল এটাৰ লগত পশু চিকিৎসকৰ দল এটা উপস্থিত হয়।
বন বিভাগৰ দলটোৱে লেপাই দীঘল-দৰিয়ালি পথাৰৰ বিভিন্ন স্থানৰ পৰা ১৯ টা মৃত শগুন উদ্ধাৰ কৰে। বন বিভাগৰ দলটোৱে মৃত শগুন সমুহ লেপাই দীঘল-দৰিয়ালি পথাৰতে পুতি থয়।
আনহাতে সেই স্থানতে প্ৰায় ১৫ টা শগুন অবচেতন অৱস্থাত উদ্ধাৰ কৰে আৰু শিৱসাগৰ পশু পালন বিভাগৰ পশু চিচিৎসক দেৱাশীষ দুলাকাষৰীয়াৰ নেতৃত্বত যোৱা পশু চিকিৎসকৰ দলটোৱে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি অবচেতন শগুন সমূহ চৰগুৱা খণ্ড বন বিষয়াৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে।
অৱচেতন অৱস্থাত উদ্ধাৰ কৰা শগুনসমুহৰ বেছি ভাগেই সংকটজনক বুলি জানিব পৰা গৈছে।
স্থানীয় একাংশ লোকে সন্দেহ কৰা মতে দীৰ্ঘদিন ধৰি লেপাই গাঁও আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চলসমূহত এজাক কুকুৰে পোহনীয়া ছাগলী হত্যা কৰি ভক্ষণ কৰি আছিল।
এই ছাগলী হত্যা কৰি থকা কুকুৰ বিলাকক মাৰিবৰ বাবে কোনো লোকে মৃত ছাগলী বিলাকত মৰাত্মক পুৰাদন মিহলাই দিয়ে।
ছাগলীৰ সেই মৰা শ শগুনকেইটাই ভক্ষণ কৰাৰ বাবে মৃত্যু হোৱা বুলি একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে।