NORTHEAST NOW (Assamese)
Popular Stories

৩০ ছেকেণ্ডত ১৯৫টা চুম্বন! বিশ্বৰেকৰ্ড গঢ়ি বিশ্বকাপত প্ৰিয় দলৰ পৰাজয়ৰ দুখ পাহৰিলে ব্ৰাজিলীয়ান যুগলে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 12, 2026 6:45 am
৩০ ছেকেণ্ডত ১৯৫টা চুম্বন! বিশ্বৰেকৰ্ড গঢ়ি বিশ্বকাপত প্ৰিয় দলৰ পৰাজয়ৰ দুখ পাহৰিলে ব্ৰাজিলীয়ান যুগলে

প্ৰেম, উদ্যম আৰু বিশ্বৰেকৰ্ড—এই তিনিওটাকে একেলগে সাঙুৰি ব্ৰাজিলৰ এহাল যুৱক-যুৱতীয়ে গঢ়িলে এক অভিনৱ কৃতিত্ব। ব্ৰাজিলৰ ৰেনাটো বায়মা গাইয়া (Renato Bayma Gaia) আৰু তেওঁৰ সংগিনী নাইআৰা ৰবেৰ্টা ৰিবেইৰু ডি মাৰিন্স (Naiara Roberta Ribeiro de Marins)-এ মাত্ৰ ৩০ ছেকেণ্ডত ১৯৫ বাৰ চুম্বন কৰি গিনিছ বিশ্বৰেকৰ্ড নিজৰ নামত লিখাইছে। এই কৃতিত্বক গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছেও আনুষ্ঠানিকভাৱে স্বীকৃতি দিছে।

বিশেষ তাৎপৰ্যৰ বিষয় হ, এই সাফল্যৰ খবৰ বিশ্বজুৰি চৰ্চালৈ আহে সেই সময়তে যেতিয়া ২০২৬ ফিফা বিশ্বকাপত ৰেনাটোৰ প্ৰিয় ফুটবল দলৰ অভিযান হতাশাজনকভাৱে শেষ হৈছিল। সেই পৰাজয়ৰ হতাশাৰ মাজতেই বিশ্বৰেকৰ্ডৰ আনন্দে দম্পতীটোক নতুন উদ্দীপনা যোগায়। সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি, বিশ্বৰেকৰ্ডটো যেন তেওঁলোকৰ বাবে বিশ্বকাপৰ বেদনাৰ মাজত এক বিশেষ সান্ত্বনা হিচাপে আহিল।

গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছৰ তথ্য অনুসৰি, ২০২৬ চনৰ ১৭ ফেব্ৰুৱাৰীত ব্ৰাজিলৰ ছাও পাওলো ৰাজ্যৰ ছাও জোজে দোছ কাম্পোছত অনুষ্ঠিত এই প্ৰয়াসত ৩০ ছেকেণ্ডৰ ভিতৰত ১৯৫টা চুম্বন সম্পন্ন কৰে যুগলটোৱে। তেওঁলোকৰ মতে, এই প্ৰচেষ্টা কেৱল এটা ৰেকৰ্ড গঢ়াৰ উদ্দেশ্যে নহয়, নিজৰ সম্পৰ্কক এক স্মৰণীয় ৰূপ দিয়াৰ বাবেও কৰা হৈছিল।

ৰেনাটো (৩২) আৰু নাইআৰা (৩৩) দুয়ো চিকিৎসক। কভিড-১৯ মহামাৰীৰ সময়ত তেওঁলোকে ফ্ৰণ্টলাইন চিকিৎসক হিচাপে কাম কৰিছিল। ৰেনাটো পূৰ্বেও একাধিক গিনিছ বিশ্বৰেকৰ্ড গঢ়ি পৰিচিত। তেওঁ আটাইতকৈ কম সময়ত ১০খন কিতাপ সজাই পেলোৱা আৰু ভৰিৰ সৰ্বাধিক ঘূৰণিৰ দৰে একাধিক অদ্ভুত ৰেকৰ্ডৰ অধিকাৰী। তেওঁৰ ভাষাত, “জয় লাভ কৰাটো মোৰ নেশা।” তেওঁ ADHD-ত আক্ৰান্ত বুলি উল্লেখ কৰি কয় যে এই ৰেকৰ্ডসমূহৰ জৰিয়তে তেওঁ দেখুৱাব বিচাৰে—সঠিক ইচ্ছাশক্তি থাকিলে যিকোনো বাধা অতিক্ৰম কৰিব পাৰি।

চুম্বনৰ এই বিশ্বৰেকৰ্ডটো আন্তঃৰাষ্ট্ৰীয় ‘Kissing Day’-ৰ প্ৰাক্কালত বিশেষভাৱে আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰে। গিনিছৰ প্ৰকাশিত ভিডিঅত দেখা যায়, ৰেনাটোৱে নিজৰ প্ৰিয় ফুটবল ক্লাবৰ জাৰ্চি পিন্ধি অতি দ্ৰুতগতিত নাইআৰাৰ গালত চুম্বন কৰি ৰেকৰ্ড সম্পন্ন কৰে।