NORTHEAST NOW (Assamese)
Popular Stories

নাছিকৰ চেণ্ট্ৰেল জেইলত কাৰাবাস খাটি থকা মুম্বাই বিস্ফোৰণৰ দোষী য়ুছুফ মেমনৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 27, 2020 8:26 am

নাছিক চেণ্ট্ৰেল জেইলত কাৰাবাস খাটি থকা টাইগাৰ মেমনৰ ভাতৃ য়ুছুফ মেমনৰ শুকুৰবাৰে মৃত্যু হয়। তেওঁৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।

মৃত্যুৰ পিছতে য়ুছুফৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জেইলৰ পৰা ধুলেলৈ পঠোৱা হৈছে আৰু ইয়াৰ পিছতহে জানিব পৰা যাব তেওঁৰ মৃত্যুৰ কাৰণ।

উল্লেখ্য যে ১৯৯৩ চনত মু্ম্বাইত সংঘটিত কৰা ধাৰাবাহিক বিস্ফোৰণৰ অন্যতম দোষী আছিল য়ুছুফ মেমন। য়ুছুফ মুম্বাই বিস্ফোৰণৰ মুখ্য দোষী টাইগাৰ মেমনৰ ভাতৃ।

য়ুছুফক ২০০৭ চনত শাস্তি ঘোষণা কৰিছিল আ্ৰু ২০১৮ চনত তেওঁক নাছিক চেণ্ট্ৰেল জেইললৈ লৈ অনা হৈছিল।

য়ুছুফৰ মৃত্যু সন্দৰ্ভত জেইলৰ প্ৰমোদ বাঘে কয় যে ৰাতিপুৱা তেওঁ হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছতে অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে।

উল্লেখ্য যে, ১৯৯৩ চনৰ ১২ মাৰ্চ। অৰ্থাৎ দিনটো আছিল শুকুৰবাৰ আ্‌ৰু সময় দুপৰীয়া। সদা ব্যস্ত মায়ানগৰী মুম্বাই। কিন্তু ১.৩০ মান বজাত হঠাৎ ষ্টক এক্সচেঞ্জত বৃহৎ বিস্ফোৰণ।

এই ধামাকাই সৰ্বত্ৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ মাজতে ২ ঘণ্টা ১০ মিনিটৰ ভিতৰত বাণিজ্যিক চহৰখনত ১২ ঠাইত বিস্ফোৰণ ঘটে।

এই বিস্ফোৰণত ২৫৭ গৰাকী লোক নিহত হোৱাৰ লগতে ৭০০ ৰো অধিক লোক আহত হৈছিল।