NORTHEAST NOW (Assamese)

২.৫ কোটি লোকক ভেকচিন প্ৰদান কৰিবলৈ মোদীৰ জন্মদিনটোলৈকে কিয় ৰ’ৱলগীয়া হ’ল? চিদাম্বৰমৰ প্ৰশ্ন

September 18, 2021 7:13 pm · এন ই নাও নিউজ,গুৱাহাটী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মোৎসৱ সমগ্ৰ দেশতে ২০ দিনীয়া দীঘলীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিনটোক অধিক গৰিমামণ্ডিত কৰি তুলিবলৈ সমগ্ৰ দেশতে যে ভেকচিন প্ৰদানৰ গতি নৈ পানী বঢ়া দি বাঢ়ি গৈছে।

যিটো সময়ত দেশৰ কোটি কোটি লোকে ভেকচিনৰ বাবে হাহাকাৰ কৰি থাকিবলগীয়া হৈছে সেই সময়তে কেৱল কালিৰ দিনটোতে সমগ্ৰ দেশত ২.৫ কোটি লোকক ভেকচিন প্ৰদান কৰা হৈছে।

কিন্তু কালিৰ দিনটোত হঠাতে কিয় ইমান লোকে ভেকচিন লাভ কৰাৰ সুযোগ পালে?

কাৰণ কালি মোদীৰ জন্মদিনটোক যুগমীয়া কৰি ৰখাৰ বাবেই এনেদৰে ২.৫ কোটি লোকক ভেকচিন প্ৰদান কৰা হ’ল।

চৰকাৰৰ এনে কাৰ্যক প্ৰশংসা কৰিও প্ৰাক্তন বিত্ত মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে কেইটামান সময়ে দাবী কৰা প্ৰশ্ন উত্থাপন কৰিছে।

প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীয়ে তেওঁৰ টুইটাৰত এইবুলি প্ৰশ্ন কৰিছে যে দেশৰ এইসকল লোকক ভেকচিন প্ৰদান কৰিবলৈ কেৱল মোদীৰ জন্মদিনটোলৈকে কিয় অপেক্ষা কৰিবলগীয়া হ’ল?

চিদাম্বৰমে লগতে এই বুলিও প্ৰশ্ন কৰে—‘ ধৰি ল’লো প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন ৩১ ডিচেম্বৰত,তেন্তে দেশৰ ২.৫ কোটি লোকক বছৰৰ শেষৰ দিনটোতহে ভেকচিন প্ৰদান কৰা হ’লহেঁতেন নেকি’?

এই প্ৰসংগত চিদাম্বৰমে কয় যে ভেকচিন প্ৰদান কৰাটো জন্মদিনত কেক কটাৰ দৰে কথা নহয়।

ভেকচিন প্ৰদান কৰাটো এক আঁচনি, এক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াক প্ৰতিদিনেই অধিক তৰান্বিত কৰাটোহে প্ৰয়োজনীয়।

ইয়াৰ বাবে কাৰো জন্মদিনটোলৈ অপেক্ষা কৰাটো অনুচিৎ বুলিও চিদাম্বৰমে তেওঁৰ টুইটত তীৰ্যক মন্তব্য কৰে।

চিদাম্বৰমে তেওঁৰ টুইটটোত লগতে কয় যে এতিয়াও দেশৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ এক তৃতীয়াংশ লোকে ভেকচিনৰ প্ৰথম পালিটোৱেই পোৱা নাই।

দেশৰ মাত্ৰ ২১ শতাংশ লোককহে সম্পূৰ্ণ ৰূপে ভেকচিন প্ৰদান কৰা হৈছে বুলিও চিদাম্বৰমে উল্লেখ কৰে।

Related News