NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত দুটি শিশুৰ মৃত্যু; মাক গুৰুতৰভাৱে আহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 16, 2020 7:08 pm

আজি পুৱা বনৰীয়া হাতীৰ আক্ৰমণত দুটি শিশুৰ মৃত্যু হোৱাৰ লগতে তেওঁলোকৰ মাক গুৰুতৰভাৱে আহত হোৱা ঘটনাই গোৱালপাৰা জিলাত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।

ঘটনা অনুসৰি গোৱালাপাৰ সদৰ বনাঞ্চলৰ অধীনৰ হাডলাপাৰা গাঁৱত ৰাডং ৰাভা নামৰ এজন ব্যক্তিৰ ঘৰত বনৰীয়া হাতীৰ এটা জাকে প্ৰৱেশ কৰি ঘৰটো এফালৰ পৰা তহিলং কৰা আৰম্ভ কৰে।

সেই সময়ত ৰাডং ৰাভা ঘৰত নাছিল যদিও ঘৰৰ ভিতৰত থকা ৰাভাৰ পত্নী, ১২ বছৰীয়া কন্যা আৰু ২ বছৰীয়া পুত্ৰই হাতীৰ শব্দ শুনিবলৈ পাই বাহিৰলৈ ওলাই আহোতেই হাতীৰ গচকত কন্যা ঝৰ্না ৰাভাৰ থিতাতে মৃত্যু হয়।

আনহাতে কণমানি পুত্ৰ চিৰঞ্জিতক কোলাত লৈ পত্নী ৰোহিলা ৰাভাই তাৰ পৰা পলাবলৈ চেষ্টা কৰে যদিও বনৰীয়া হাতীয়ে তেওঁলোককো আক্ৰমণ কৰাত পুত্ৰৰ মৃত্যু হোৱাৰ লগতে পন্তী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

জানিব পৰা মতে উক্ত বনৰীয়া হাতীৰ জাকটোৱে সমীপৰ আন এথন গাঁৱতো প্ৰৱেশ কৰি দুজন লোকৰ বাসগৃহ ধ্বংস কৰে। পিছত স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।