NORTHEAST NOW (Assamese)
Popular Stories

ভয়াৱহ পথ দুৰ্ঘটনা : দ খাৱৈত বাগৰি পৰিল এখন তেলৰ টেংকাৰ, দুজনৰ মৃত্যু, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 7, 2021 8:00 pm

জম্মু-কাশ্মীৰত মঙলবাৰে ৰাতি সংঘটিত হৈছে এটা ভয়াৱহ পথ দুৰ্ঘটনা।

আৰক্ষীয়ে জনায় যে ৰাজ্যখনৰ ৰিয়েছি জিলাত এখন তেলৰ টেংকাৰ পথচ্যুত হৈ এটা দ খাৱৈত পৰে আৰু দুজনকৈ লোকৰ মৃত্যু হোৱাৰ উপৰিও আন দুজন লোক আঘাতপ্ৰাপ্ত হয়।

কাৰ্কা নামৰ ঠাইখনত দুৰ্ঘটনাত পতিত হোৱা তেলৰ টেংকাৰখন ৰিয়েছিৰ পৰা ডুগ্গালৈ গৈ আছিল।

আৰক্ষীয়ে প্ৰকাশ কৰে টেংকাৰখনৰ চালকে এটা কেঁকুৰিত নিয়ন্ত্ৰম হেৰুৱাই পেলোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।

লগে লগে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ আৰু দুজন লোকক মৃত অৱস্থাত পায়।

লোক দুজনৰ নাম মহিন্দৰ পাল আৰু ধায়ান সিং নামেৰে জনা গৈছে।

দুয়োজনে ২০ বৰ্ষীয় বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

আনহাতে, আঘাতপ্ৰাপ্ত লোককেইজন সুৰজীত সিং আৰু তাৰিক নামেৰে জনা গৈছএ।

তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।