NORTHEAST NOW (Assamese)

চামগুৰি কদমগুৰিত দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

June 30, 2021 8:56 pm · বিদ্যুত জ্যোতি বৰা

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ কাৱৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত কদমগুৰিত আৰক্ষীয়ে অভিযান চলাই দুই ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ।

ৰূপহীহাট আৰক্ষী থানাৰ অধীনৰ কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰু নগাঁও এন্টি নাৰ্কৰ্টিকছ স্কোৱাডৰ সহযোগত এটা আৰক্ষী দলে এক গোপন খবৰ ভিত্তিত আজি দুপৰীয়া ভাগত কদমগুৰিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আইনুউদ্দিনৰ পুত্ৰ আশ্বাদুল ইছলাম (১৮) আৰু চুলতানউদ্দিনৰ পুত্ৰ তাইজুল ইছলাম(২০) নামৰ দুই ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীৰ দলটোৱে ড্ৰাগছ সৰবৰাহকাৰী যুৱক পৰা ড্ৰাগছ ভৰ্ত্তি ১৩ টা কণ্টেইনাৰ আৰু ৫ টা খালি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় বুলি বুলি জানিব পৰা গৈছে ৷

আনহাতে দুই ড্ৰাগছ সৰবৰাহকাৰীক ৰূপহীহাট আৰক্ষী থানাত অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে৷

Related News