NORTHEAST NOW (Assamese)

ভাৰতত দুই সপ্তাহতকৈও কম সময়ৰ ভিতৰত ২ নিযুত স্বাস্থ্য কৰ্মীক ক’ভিড-১৯ৰ টিকা প্ৰদান

January 28, 2021 1:22 pm · এন ই নাও নিউজ

ভাৰতে দুই সপ্তাহতকৈ কম সময়ৰ ভিতৰত ২ নিযুত স্বাস্থ্য কৰ্মীক ক’ভিড-১৯ৰ টিকা প্ৰদান কৰিছে।

ভাৰতত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ক’ভিড-১৯ টিকাকৰণ অভিযানটো যোৱা ১৬ জানুৱাৰি পৰা আৰম্ভ হৈছিল।

এই প্ৰয়াসক প্ৰশংসা কৰি মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে টুইটযোগে কয়, ‘বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযানৰ অধীনত কভিড-১৯ ভেকচিনৰ ২ নিযুত পালি প্ৰদান কৰা ভাৰত আটাইতকৈ দ্ৰুততম দেশ হৈ পৰিছে’।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে ইয়াৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰাৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাইও টুইটাৰত আনন্দ প্ৰকাশ কৰিছে।

ভাৰতে জুলাইৰ শেষলৈ কমেও ৩০০ নিযুত লোকক টিকাকৰণ কৰাৰ লক্ষ্য বান্ধি লৈছে।

বৰ্তমান ভাৰতৰ লোকসকলক দুটা ভেকচিন প্ৰদান কৰি থকা হৈছে। এটা হ’ল-  ভাৰত বায়োটেক ইণ্টাৰনেশ্যনেল লিমিটেডৰ দ্বাৰা বিকশিত কোভাক্সিন আৰু আনটো হ’ল- চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ এষ্ট্ৰাজেনেকা ভেকচিন।

Related News