NORTHEAST NOW (Assamese)

কোভিড-১৯ৰ দ্বিতীয় ঢৌত বেছিকৈ আক্ৰান্ত হৈছে কম বয়সীয়াসকল, কিন্তু কিয়? জানো আহক!

May 12, 2021 1:31 pm · এন ই নাও নিউজ
(প্ৰতিনিধিত্বমূলক ফটো)

কোভিডৰ দ্বিতীয় ঢৌত আটাইতকৈ বেছি আক্ৰান্ত হৈছে কম বয়সীয়া লোকসকল।

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছে (আইচিএমআৰ) এই কথা প্ৰকাশ কৰিছে।

বুধবাৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আইচিএমআৰৰ মুৰব্বী বলৰাম ভাৰ্গৱে কয় যে ইয়াৰ অন্তৰালত দুটা কাৰণ থাকিব পাৰে।

”প্ৰথমতে, কম বয়সীয়া লোকসকলে এইবাৰ বেছি বেছি মাত্ৰাত ঘৰৰ পৰা উলোৱা কৰিছে আৰু কৰোণা ভাইৰাচক কেইবাটাও নতুন প্ৰজাতিও দেশজুৰি বিয়পি পৰিছে। সেইসমূহো কম বয়সীয়াসকলক বেছি মাত্ৰাত সংক্ৰমিত কৰিছে।”- মুৰব্বীজনে কয়।

আনহাতে ভেকচিনেচনৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুৰব্বীজনে কয় কম বয়সীয়াসকলক ভেকচিন প্ৰদান কৰাত অগ্ৰাধিকাৰ দিয়াৰ কথা এতিয়ালৈকে ভবা নাই, কাৰণ ৪৫ বৰ্ষৰ উপৰৰ লোকসকল এই ৰোগত কম বয়সীয়াসকলতকৈ অধিক স্পৰ্শকাতৰ।

কেন্দ্ৰীয় চৰকাৰে জনোৱা তথ্যমতে, ভাৰতত কৰোণাৰ প্ৰথম ঢৌত ৩০ বছৰৰ কম বয়সৰ লোকসকল আক্ৰান্ত হৈছিল ৩১ শতাংশ।

দ্বিতীয় ঢৌত তাৰ পৰিমাণ বাঢ়ি হৈছেগৈ ৩২ শতাংশ।

Related News