NORTHEAST NOW (Assamese)
দেশ

গুলীচালনাৰ অনুশীলনৰ সময়তে অঘটন: টি-৯০ টেংক বেৰেল বিস্ফোৰণৰ ফলত ২ সেনাৰ জোৱানৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 7, 2022 9:06 pm
2 Soldiers Die As T-90 Tank Barrel Explodes

উত্তৰ প্ৰদেশৰ বাবিনা ফিল্ড ফায়াৰিং ৰেঞ্জত গুলীচালনাৰ অনুশীলনৰ সময়ত টি-৯০ টেংকবেৰেল বিস্ফোৰণ হোৱাৰ ফলত এজন জুনিয়ৰ কমিছনড অফিচাৰসহ ভাৰতীয় সেনাৰ দুগৰাকী জোৱানৰ মৃত্যু হয়।

বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ ঝান্সিৰ ওচৰৰ বাবিনা সেনা নিবাসত এই ফিল্ড ফায়াৰিং অনুশীলন চলোৱা হৈছিল।

ভাৰতীয় সেনাৰ এগৰাকী বিষয়াই এক বিবৃতিত কয়, “ঝান্সিৰ ওচৰৰ বাবিনা কেণ্টনমেণ্টত আজি ফিল্ড ফায়াৰিং অনুশীলনৰ সময়ত টি-৯০ টেংকৰ বেৰেল বিস্ফোৰণ হোৱাৰ পিছত জুনিয়ৰ কমিছনড অফিচাৰসহ দুজন ভাৰতীয় সেনা জোৱানে প্ৰাণ হেৰুৱায়।”

বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে কৰ্মচাৰীসকলক তাৎক্ষণিক চিকিৎসা সাহায্য প্ৰদান কৰা হৈছিল আৰু বাবিনাৰ সামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল বুলি বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে।

কিন্তু বিস্ফোৰণত পোৱা আঘাত গুৰুতৰ হোৱাৰ বাবে জুনিয়ৰ কমিছনড অফিচাৰ গৰাকীৰ লগতে আনগৰাকী জোৱানে মৃত্যুবৰণ কৰে। আনহাতে টেংকৰ চালকজন বৰ্তমান বিপদমুক্ত আৰু চিকিৎসাধীন হৈ আছে বুলি বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে।

বিবৃতিটোত বিষয়াগৰাকীয়ে লগতে এই ঘটনাৰ তদন্তৰ বাবে বিভাগীয় নিৰ্দেশ দিয়া হৈছে বুলিও দোহাৰে। আনহাতে বিস্ফোৰণত প্ৰাণ হেৰুওৱা সেনা দুগৰাকীৰ পৰিয়াললৈ সমবেদনা জনাইছে ভাৰতীয় সেনাই।