NORTHEAST NOW (Assamese)
দেশ

জম্মু-কাশ্মীৰত পুনৰ সেনা-আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী যুটীয়া অভিযান: দুই সন্ত্ৰাসবাদী নিহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 26, 2022 8:44 am
Terrorists Killed In Jammu-Kashmir

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ক্ৰমাৎ প্ৰতিকূল হৈ পৰিছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি। উপত্যকাটোত নিৰন্তৰভাৱে সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে কঠোৰ হৈ পৰিছে সেনা-আৰক্ষীয়ে। বিগত সময়চোৱাত সেনা-আৰক্ষীৰ অভিযানত কেইবাগৰাকীও সন্ত্ৰাসবাদী সদস্য নিহত হৈছে সীমান্তৱৰ্তী উপত্যকাটোত। এনে এক অভিযানত দেওবাৰে পুনৰ ৰণত পৰিছে আন দুগৰাকী সন্ত্ৰাসবাদী সদস্য।

কাশ্মীৰ আৰক্ষীয়ে দেওবাৰে নিশা প্ৰকাশ কৰা এক বিবৃতি অনুসৰি কালি জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ মাচিল চেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত নিৰাপত্তাৰক্ষীৰ অভিযানত দুগৰাকী সন্ত্ৰাসবাদী নিহত হয়।

শ্ৰীনগৰস্থিত প্ৰতিৰক্ষা বিভাগৰ এগৰাকী জনসম্পৰ্ক বিষয়াই উল্লেখ কৰা মতে মাচিল খণ্ডত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ সম্ভাৱ্য প্ৰচেষ্টাৰ বিষয়ে আৰক্ষী আৰু অন্যান্য চোৰাংচোৱা সংস্থাৰ পৰা তথ্য পোৱা গৈছিল।

এই তথ্যৰ ওপৰত ভিত্তি কৰি অঞ্চলটোত নিয়োজিত প্ৰতিৰক্ষা বাহিনীয়ে সতৰ্কতামূলক ব্যৱস্থা অৱলম্বন কৰে আৰু সেনা-আৰক্ষীৰ যুটীয়া অভিযান আৰম্ভ কৰে।

পুৱা প্ৰায় ৭:৩০ বজাত অভিযানকাৰী দলটোৱে মাচিলৰ টেক্ৰি নাৰৰ ওচৰত এলঅ’চি পাৰ হোৱা দুগৰাকী সশস্ত্ৰ অনুপ্ৰৱেশকাৰীক লক্ষ্য কৰে আৰু ইয়াৰ পাছতে দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত সন্ত্ৰাসবাদী দুগৰাকীৰ মৃত্যু হয় বুলি জনসম্পৰ্ক বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

তেওঁ লগতে নিহত সন্ত্ৰাসবাদী দুগৰাকীৰ পৰা দুটা একে ৪৭ ৰাইফল, ছয়টা একে মেগজিন, ৫৩ টা একে ৪৭ ৰাউণ্ড গুলী, চাৰিটা হেণ্ড গ্ৰেনেড, দুটা পিষ্টল, দুটা পিষ্টল মেগজিন, ৩৫ পিষ্টল ৰাউণ্ড গুলীৰ লগতে কিছু পাকিস্তানী মুদ্ৰা উদ্ধাৰ হয় বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে।