NORTHEAST NOW (Assamese)
অৰুণাচল

চীন সীমান্তত সন্ধানহীন অৰুণাচলৰ দুই যুৱক: প্ৰায় দুই মাহে নাই সন্ধান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 16, 2022 7:34 am
2 youths missing in Arunachal

পুনৰ চীন সীমান্তৰ কাষত নিৰুদ্দেশ হৈছে অৰুণাচল প্ৰদেশৰ দুজন যুৱক। চীনৰ সীমান্তৱৰ্তী এলেকাৰ পৰা বনৌষধিৰ সন্ধানত ওলাই যোৱাৰ পিছত প্ৰায় দুই মাহে সন্ধানহীন হৈ আছে এই দুই যুৱক ।

নিৰুদ্দিষ্ট ৩৩ বৰ্ষীয় বাটেলুম টিক্ৰো আৰু ৩৫ বৰ্ষীয় বায়িংচো মানু নামৰ যুৱক দুগৰাকী গইলাং চহৰৰ বাসিন্দা। প্ৰকাশিত খবৰ অনুসৰি তেওঁলোকে যোৱা ১৯ আগষ্টত গাঁৱৰ পৰা ওলাই গৈছিল। দুই যুৱকক ২৪ আগষ্টত অন্তিমবাৰৰ বাৰৰ বাবে দেখা গৈছিল।

আনহাতে যুৱক দুগৰাকীৰ কোনো সন্ধান লাভ নকৰাৰ পিছত পৰিয়ালৰ সদস্যসকলে যোৱা ৯ অক্টোবৰত আৰক্ষীৰ ওচৰত দুই যুৱকৰ নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰিছিল।

জিলাখনৰ আৰক্ষী অধীক্ষকে উল্লেখ কৰা মতে দুই যুৱকৰ সম্ভেদ লাভৰ বাবে ইতিমধ্যে তেওঁলোকে সেনাৰ সৈতে যোগাযোগ কৰিছে আৰু অনুসন্ধান অভিযান আৰম্ভ কৰিছে।

উল্লেখ্য যে টিক্ৰো আৰু মান্যুৱে যোৱা ১৯ আগষ্টত আনজাও জিলাৰ চাগলাগামলৈ ৰাওনা হৈছিল। যুৱক দুগৰাকীৰ পৰিয়ালে দুয়োগৰাকীয়ে অজানিতে চীন সীমান্ত অতিক্ৰম কৰাৰ বাবে চীনা সেনাই তেওঁলোকক আটক কৰিছে বুলি সন্দেহ কৰিছে।

স্মৰ্তব্য যে ইয়াৰ পূৰ্বে জানুৱাৰী মাহত অৰুণাচল প্ৰদেশৰ জিডোৰ এজন ১৭ বছৰীয়া কিশোৰ মিৰাম তাৰোমক চীনা পিএলএ-য়ে সীমান্তৰ পৰা বন্দী কৰিছিল। অৱশ্যে, পিছত তেওঁক ভাৰতীয় সেনাৰ হাতত গতাই দিয়া হৈছিল।