NORTHEAST NOW (Assamese)
Popular Stories

গুজৰাটৰ ৰাসায়নিক কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড : ২০ গৰাকী শ্ৰমিক অগ্নিদগ্ধ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 23, 2021 3:27 pm
index.jpg

গুজৰাটৰ এটা ৰাসায়নিক কাৰখানাত সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডটোত অগ্নিদগ্ধ হৈছে কাৰখানাটোত ২০ গৰাকীকৈ কৰ্মৰত কৰ্মচাৰী।

মংগলবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি গুজৰাটৰ ভাৰুশ জিলাৰ এটা ৰাসায়নিক কাৰখানাত জুইৰ সূত্ৰপাত হোৱাৰ পিছতে এক বিস্ফোৰণ সংঘটিত হয়।

সূত্ৰটোৰ মতে পুৱতি নিশা ২ মান বজাত সূত্ৰপাত ঘটা অগ্নিকাণ্ডটোৰ ফলত সংঘটিত বিস্ফোৰণৰ শব্দ বহু দূৰলৈকে শুনা পোৱা যায়।

“অগ্নিকাণ্ডত ২০ গৰাকী কৰ্মচাৰী অগ্নিদগ্ধ হৈছে। তাৰে ৮ গৰাকীক ভাৰুশ আৰু অংক্লেশ্বৰৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ হৈছে। ১২ গৰাকী অগ্নিদগ্ধ কৰ্মচাৰী চিকিৎসাৰ অন্তত ডিচাৰ্জ কৰা হৈছে।” আৰক্ষী পৰিদৰ্শক পি এইচ ভাছাভাই সংবাদ মাধ্যমৰ আগত কয়।

অগ্নিকাণ্ডটোৰ সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ ১৫ খন বাহনে জুই নিয়ন্ত্ৰণ কৰিবলৈ অহৰহ চেষ্টা কৰে আৰু পুৱা ৬.৩০ মানত বজাত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

আৰক্ষী বিষয়াজনে জনায় যে কাৰখানাৰ চৌহদটো অত্যধিক গৰম হৈ থকাৰ বাবে কাৰখানাৰ ভিতৰত গৈ এতিয়াও উদ্ধাৰ অভিযান আৰম্ভ কৰিব পৰা হোৱা নাই।

অৱশ্যে উদ্ধাৰ অভিযান আৰম্ভ কৰিবলৈ চেষ্টা কৰি থকা বুলিও তেওঁ প্ৰকাশ কৰিছে।