NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাৰ সংহাৰ : ভাৰতত মৃত্যুৰ সংখ্যাৰে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 17, 2020 12:26 pm

ভাৰতত প্ৰতিদিনে ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’না আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত দেশত ১০ হাজৰৰো অধিক লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

ইফালে দেশত এটা দিনত ক’ৰ’নাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাৰ ৰেকৰ্ড গঢ়িছে। যোৱা ২৪ ঘণ্টাত দেশত মুঠ ২০০৩ গৰাকী লোকৰ মৃত্যু হৈছে।

এতিয়ালৈকে এটা দিনত মৃত্যু হোৱা লোকৰ সংখ্যাৰ ভিতৰত এই সংখ্যাটোৱে সৰ্বাধিক বুলি জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰ্যালয়ে।

দেশত এই পৰ্যন্ত ১১,৯০৩ গৰাকী লোকৰ ক’ৰ’নাৰ ফলত মৃত্যু হৈছে।

ইফালে কালিৰ দিনটোত ১০,৯৭৪ গৰাকী লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈছে। এতিয়া দেশত ক’ৰ’না আক্ৰান্তৰ মুঠ সংখ্যা হৈছে ৩,৫৪,০৬৫ গৰাকী।

আনহাতে দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। যোৱা ঘণ্টাত ২৭০১ গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে। ৰাজ্যখনত এই পৰ্যন্ত ৫৫৩৭ গৰাকী লোক ক’ৰ’নাৰ ফলত মৃত্যু হৈছে।

ইয়াৰ উপৰি গুজৰাটতো ক’ৰ’না ভাইৰাছৰ সংহাৰী ৰূপ অব্যাহত আছে। যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত ৫২৪ গৰাকী লোক আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে জনায়।