NORTHEAST NOW (Assamese)
অসম

আধাৰ সংলগ্ন কৰাৰ অন্তিম দিনৰ সীমা পিছুৱাব চৰকাৰে

Posted by: এন ই নাও নিউজ ব্যুৰো December 7, 2017 6:21 pm

চৰকাৰৰ দ্বাৰা ঘোষিত বা প্ৰচলিত বিভিন্ন সেৱা আৰু কল্যাণমূলক আঁচনিবোৰৰ সুবিধা পোৱাৰ ক্ষেত্ৰত আধাৰ বাধ্যতামূলকভাৱে  সংলগ্ন কৰাৰ যি অন্তিম সময়সীমা আছিল সেই সীমা কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰাৰ পোষকতা কৰিছে। আজি কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক এই কথাটো জানিবলৈ দিয়ে। অৱশ্যে এই সীমা বৃদ্ধি সেইসকলৰ ক্ষেত্ৰতহে যিসকলে এই পৰ্য্যন্ত আধাৰ নং লাভ কৰা নাই। সূত্ৰটোৱে জনোৱামতে কেন্দ্ৰীয় চৰকাৰে এতিয়া এই সময়সীমা বৃদ্ধি কৰিবৰ বাবে জাননী জাৰি কৰিব। এই কথা উচ্চতম ন্যায়ালয়ক জনায় কেন্দ্ৰীয় চৰকাৰৰ মহাধিবক্তা কে কে বেণুগোপালে। মহাধিবক্তাজনে অৱশ্যে এই কথা স্পষ্ট কৰি দিয়ে যে ম’বাইল সেৱাৰ সৈতে আধাৰ সংলগ্ন কৰাৰ অন্তিম সীমা অপৰিৱৰ্তিতভাৱে অহা ৬ ফেব্ৰুৱাৰিয়ে থাকিব। কাৰণ এইটো এপেক্স ক’ৰ্টে বাধ্যতামূলক কৰি দিছে।


উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ আধাৰ সংলগ্ন বাধ্যতামূলক কৰা সিদ্ধান্ত সাময়িকভাৱে স্থগিত ৰাখিবৰ বাবে বিভিন্ন পক্ষৰ পৰা অহা আবেদনবোৰৰ শুনানি গ্ৰহণ কৰিবৰ বাবে পাঁচজনীয়া বিচাৰকৰ এক বিচাৰপীঠ গঠন কৰিব বুলি জনাইছে।