আন এক যুদ্ধৰ আশংকাত কঁপিছে বিশ্ব সম্প্ৰদায়: টাইৱান বায়ু প্ৰতিৰক্ষা ক্ষেত্ৰত প্ৰৱেশ চীনৰ ২১ যুঁজাৰু বিমানৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সদনৰ অধ্যক্ষ নেন্সি পেলোচিৰ টাইৱান ভ্ৰমণে ঈঙ্গিত দিছে এক আসন্ন যুদ্ধৰ। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ঢৌ মাৰ নাযাওঁতেই এই সম্ভাৱ্য যুদ্ধৰ আশংকাই আন্ত: ৰাষ্ট্ৰীয় সম্প্ৰদায়ক চিন্তিত কৰি তুলিছে।
পেলোচিৰ ভ্ৰমণক লৈ চীনে বাৰম্বাৰ সকীয়নি তথা ভাবুকি প্ৰদান কৰি আহিছে। এই ভাবুকিৰ ফলত বিশ্বৰ দুই মহাশক্তিৰ মাজত উত্তেজনাই চৰম সীমা স্পৰ্শ কৰিছে।
এই উদ্বেগজনক পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ টাইৱানে মঙলবাৰে ২০ খনতকৈও অধিক চীনা সামৰিক বিমানে টাইৱানৰ বায়ু প্ৰতিৰক্ষা ক্ষেত্ৰত প্ৰৱেশ কৰিছে বুলি দাবী কৰিছে।
দ্বীপটোৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে টুইটাৰত এক বিবৃতিত কয়: “২১ খন পিএলএ বিমানে ২আগষ্ট, ২০২২ তাৰিখে টাইৱানৰ দক্ষিণ-পশ্চিম এডিআইজেডত প্ৰৱেশ কৰিছে।”
উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ পিছতে পদবীধাৰী পেলোচি হৈছে যোৱা ২৫ বছৰত টাইৱান ভ্ৰমণ কৰা যুক্তৰাষ্ট্ৰৰ সৰ্বোচ্চ পদবীত অধিষ্ঠিত বিষয়া। চীনে পেলোচিৰ এই ভ্ৰমণক এক ডাঙৰ উচতনি হিচাপে গণ্য কৰিছে।
আনহাতে পেলোচিৰ টাইৱান ভ্ৰমণক টাইৱানৰ গণতন্ত্ৰক সমৰ্থন কৰাৰ বাবে আমেৰিকাৰ অটল প্ৰতিশ্ৰুতিক সন্মান জনাইছ বুলি এক বিবৃতি যোগে মন্তব্য কৰে টাইৱানৰ বৈদেশিক মন্ত্ৰী যোচেফ ৱুয়ে।
ইফালে চীনৰ সামৰিক বাহিনীয়ে এই ভ্ৰমণৰ বিৰোধিতাৰে অতি সোনকালে সামৰিক পদক্ষেপ গ্ৰহণ কৰিব বুলি সকীয়াই দিছে। ইতিমধ্যে প্ৰকাশ পোৱা কেইবাটাও ভিডিঅ’ত চীনৰ সামৰিক বাহিনীৰ ৰণচালি দেখিবলৈ পোৱা গৈছে।
আজি পুৱাৰ ভাগত টাইৱানৰ চাৰিওফালৰ জলসীমাত চীনে কেইবাটাও সামৰিক অনুশীলনৰ পৰিকল্পনা ঘোষণা কৰিছে। আমেৰিকাক প্ৰত্যক্ষ ভাবুকি প্ৰদান কৰি বেইজিঙৰ বৈদেশিক মন্ত্ৰালয়ে “যিসকলে জুইৰ সৈতে খেলা কৰিব বিচাৰিছে, তেওঁলোক শীঘ্ৰেই ধ্বংস হ’ব” বুলি চৰম সকীয়নি দিছে।
ইফালে শেহতীয়াকৈ ৰাছিয়াইও এই বিষয়ত চীনৰ সমৰ্থনত থিয় দিছে। এনে পৰিস্থিতিত আন এক ভয়াৱহ যুদ্ধৰ আশংকাত ত্ৰস্তমান হৈ পৰিছে সমগ্ৰ বিশ্ব।