NORTHEAST NOW (Assamese)
Popular Stories

বাংলাদেশত ৰাজনীতিবিদৰ দ্বাৰা ধৰ্ষণৰ বলি ২১ বছৰীয়া হিন্দু যুৱতী, গ্ৰেপ্তাৰ ৫ জন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 29, 2025 3:36 pm

মুৰাদনগৰ উপ-জিলাত এগৰাকী ২১ বছৰীয়া যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগত বাংলাদেশ জাতীয়তাবাদী পাৰ্টিৰ নেতা ফজোৰ আলীকে ধৰি পাঁচজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ছচিয়েল মিডিয়াত ভুক্তভোগীৰ ভিডিঅৰেকৰ্ডিং কৰি শ্বেয়াৰ কৰাৰ বাবে আন তিনিজনক আটক কৰা হয়।

২০২৫ চনৰ ২৬ জুনত ৰামচন্দ্ৰপুৰ পচকিটা গাঁৱৰ ফাজৰ আলী (৩৮) নামৰ এজন যুৱকে নিশা প্ৰায় ১০ বজাত ভুক্তভোগীৰ পিতৃৰ ঘৰত প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

গোচৰৰ বিবৃতি অনুসৰি, ভুক্তভোগী মহিলাগৰাকীয়ে দুৱাৰ খুলিবলৈ অস্বীকাৰ কৰি বলপূৰ্বকভাৱে ঘৰত প্ৰৱেশ কৰি আক্ৰমণ কৰে। স্থানীয় লোকে আলীক আটক কৰি প্ৰহাৰ কৰে যদিও তেওঁ কোনোমতে পলায়ন কৰে।

দেওবাৰে পুৱা প্ৰায় ৫ বজাত ঢাকাৰ ছয়দাবাদ অঞ্চলত ফাজৰ আলীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

২৭ জুনত দাখিল কৰা ভুক্তভোগীৰ লিখিত অভিযোগৰ ভিত্তিত মহিলা আৰু শিশু দমন প্ৰতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।মুৰাদনগৰ আৰক্ষীয়ে এই গোচৰৰ তদন্ত আৰম্ভ কৰিছে।

তদুপৰি এই কাণ্ডই অঞ্চলটোত প্ৰতিবাদৰ সৃষ্টি কৰিছে আৰু এজন মুছলমান পুৰুষে এগৰাকী হিন্দু মহিলাক ধৰ্ষণ কৰাৰ অভিযোগক লৈ বাসিন্দাসকলে ক্ষোভ প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক পদচ্যুত কৰাৰ পাছৰে পৰা বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে লক্ষ্যভিত্তিক আক্ৰমণৰ ঘটনা লক্ষণীয়ভাৱে বৃদ্ধি পাইছে।