NORTHEAST NOW (Assamese)
Popular Stories

দেশৰ ভিতৰতে কেৰেলাত সৰ্বাধিক আক্ৰান্ত ক’ৰ’নাৰ পৰা নিৰাময় লাভ; মুখ্যমন্ত্ৰী বিজয়নৰ দাবী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 16, 2020 12:17 pm
Hospital

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক’ৰ’নাই নৰ সংহাৰ চলাইছে।

দৈনিক ভাৰতত ক’ৰ’না আক্ৰান্তৰ লগতে মৃত্যুৰ সংখ্যাও বৃদ্ধি পাই আহিছে।

ক’ৰ’না ভাইৰাছৰ পৰা বহু আক্ৰান্তই নিৰাময় লাভ কৰাও দেখা গৈছে যদিও আক্ৰান্তৰ অনুপাতত সেয়া যথেষ্ট কম।

কিন্তু কেৰেলাত ইয়াৰ হাৰ যথেষ্ট বেছি। দেশৰ ভিতৰত কেৰেলাত সৰ্বাধিক ক’ৰ’না ভাইৰাছ আক্ৰান্ত লোকে নিৰাময় লাভ কৰিছে। এই ভাষ্য কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ।

এই পৰ্যন্ত ৰাজ্যখনত ২১৮ গৰাকী আক্ৰান্তই ক’ৰ’না ভাইৰাছৰ পৰা নিৰাময় লাভ কৰিছে।

উল্লেখ্য যে ৰাজ্যখনৰ ক’ৰ’নাক্ৰান্তৰ আৰোগ্য লাভৰ হাৰ হৈছে ৫২ শতাংশ। যিটো দেশৰ ভিতৰতেই সৰ্বোচ্চ।

অন্যহাতে যোৱা বুধবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায়ে সংবাদ মাধ্যমক জনায় যে ৰাজ্যখনৰ ৫২২ খন চিকিৎসালয়ত ৯৭ হাজাৰজন লোকক পৰ্যেবক্ষণত ৰখা হৈছে।