NORTHEAST NOW (Assamese)
অসম

শোকাৱহ: চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰ ‘লিক’ হৈ ভয়াৱহ পৰিস্থিতি, ২২ ৰোগীৰ কৰুণ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 21, 2021 3:25 pm
Oxygen-tanker-leaked

দেশত এতিয়া চলিছে অদৃশ্য ঘাতক কোভিডৰ সংহাৰ ।

প্ৰায় ১৭ খন ৰাজ্যত কোভিডে মৃত্যুৰ মেলা পাতিছে।

এনে সময়তে কোভিড আক্ৰান্তসকলৰ প্ৰাণ ৰক্ষাৰ বাবে সকলো ৰাজ্যৰ চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰেও যুদ্ধকালিন তৎপৰতাৰে চেষ্টা অব্যাহত ৰাখিছে।

ইয়াৰ মাজতে আজি দেশৰ আটাইতকৈ বেছি কোভিডত ক্ষতিগ্ৰস্ত ৰাজ্য মহাৰাষ্ট্ৰত এখন চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰ লিক হোৱাৰ ফলত বিষম পৰিস্থিতিৰ সৃষ্টি হয়।

চিলিণ্ডাৰ লিক হোৱাৰ ফলত ৰোগীক যোগান ধৰা অক্সিজেন লাইনত অক্সিজেন নোহোৱা হৈ পৰেষ। ফলত ২২ গৰাকী ৰোগীয়ে অক্সিজেনৰ অভাৱত কৰুণ মৃত্যুক সাৱটি লবলগীয়া হয়।

ঘটনাটো সংঘটিত হৈছে নাছিকৰ ডঃ জাকিৰ হুছেইন চিকিৎসালয়ত।দুপৰীয়া সংঘটিত এই ঘটনাত ২৫ গৰাকীৰো অধিক ৰোগী গুৰুতৰ ভাবে অসুস্থ হৈ পৰিছে।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনীৰ দল।অধিক বাতৰিৰ বাবে অপেক্ষা কৰা হৈছে।