NORTHEAST NOW (Assamese)
অসম

ফাকুৱা উপলক্ষে কামৰূপ মহানগৰ জিলাত ২২ মাৰ্চত স্থানীয় বন্ধ ঘোষণা

Posted by: এন ই নাও নিউজ March 18, 2019 6:11 pm
images_010

ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ২২ মাৰ্চত জিলাখনত স্থানীয় বন্ধ ঘোষণা কৰিছে। ২২ মাৰ্চত কামৰূপ মহানগৰ জিলাত বন্ধ থাকিব সকলো চৰকাৰী কাৰ্য্যালয় আৰু শিক্ষানুষ্ঠানসমূহ। চৰকাৰী বন্ধৰ তালিকাত ২১ মাৰ্চত ফাকুৱাৰ বন্ধ উল্লেখ আছে।

চৰকাৰী কৰ্মচাৰী সকলৰ সহায় হোৱাকৈ কামৰূপ জিলা প্ৰশাসনে ২১ মাৰ্চৰ চৰকাৰী বন্ধৰ পাছদিনাই স্থানীয় বন্ধ ঘোষণা কৰে।

আনহাতে, ফল্গু উৎসৱৰ লগত গুৱাহাটী মহানগৰীৰ ঠায়ে ঠায়ে অনুষ্ঠিত কৰা ৰেইন ডান্সক লৈ কঠোৰ হৈছে এইবাৰ মহানগৰ জিলা প্ৰশাসন। জিলাখনত নিষিদ্ধ কৰা হৈছে ৰেইন ডান্স। আইন-শৃংখলাজনিত দিশসমূহলৈ লক্ষ্য ৰাখিয়ে ৰেইন ডান্স নিষিদ্ধ কৰা হৈছে বুলি মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে মন্তব্য কৰে।