NORTHEAST NOW (Assamese)
অসম

কৰ’নাই এৰা নাই চীনক; জিনজিয়াং প্ৰদেশত পুনৰ ২২জন কোভিড-১৯ত আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 20, 2020 10:05 am
Coronavirus-2-1024x510

চীনৰ মূল ভূমিখণ্ডত দেওবাৰে মুঠ ২২টা নতুনকৈ কোভিড-১৯ পজিটিভৰ ঘটনা পোহৰলৈ আহিছে যাৰ ভিতৰত ১৭টা হৈছে ঘৰুৱাভাৱে সংক্ৰমিত ঘটনা। চীনৰ স্বাস্থ্য কৰ্তৃপক্ষই সোমবাৰে এই কথা সদৰী কৰিছে।

ঘৰুৱাভাৱে সংক্ৰমিত আটাইকেইটা ঘটনাই হৈছে চীনৰ উত্তৰ-পশ্চিম জিনজিয়াং উইঘুৰ অট’নমাছ ৰিজনৰ।

চীনৰ নেশ্যনেল হেলথ কমিছনে ইয়াৰ দৈনিক প্ৰতিবেদনত এই কথা উল্লেখ কৰিছে।

কমিছনৰ প্ৰতিবেদন অনুসৰি, দেওবাৰলৈকে এই ৰোগত কোনো মৃত্যু ঘটা নাই।

নতুন আক্ৰান্ত চিনাক্ত হোৱাৰ পাছত অঞ্চলটোত মল আৰু হোটেলসমূহ বন্ধ কৰি দিয়া হৈছে আৰু গৃহ চৌহদসমূহত তলাবন্ধ কৰা হৈছে।

স্থানীয় চৰকাৰে শনিবাৰে কয় যে চীনৰ ১৩টা স্থানীয়ভাৱে সংক্ৰৰমিত ভাইৰাছৰ ঘটনা ধৰা পৰা উৰুমকিত দুটা পৰ্যায়ত পৰীক্ষা সম্পন্ন কৰা হ’ব।

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ মূল অভিকেন্দ্ৰ চীনত ২০১৯ৰ ডিচেম্বৰত প্ৰথমটো ঘটনা ধৰা পৰিছিল।

প্ৰায় এমাহৰ ভিতৰতে দেশখনত আক্ৰান্তৰ সংখ্যা ৮০,০০০অতিক্ৰম কৰিছিল।

ইয়াৰ মাজতে বেইজিঙে প্ৰকাশ কৰিছিল যে ভাইৰাছে ইয়াৰ চৰম পৰ্যায়ত উপনীত হোৱাৰ সময়তে ইতিমধ্যে ই গোটেই বিশ্বতে বিয়পি পৰে আৰু এক মহামাৰীৰ ৰূপ ধাৰণ কৰে।