NORTHEAST NOW (Assamese)
অসম

মাজুলীত চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল মিচিং সাহিত্য সভাৰ ২৩ সংখ্যক অধিবেশন

Posted by: মিটু খাটনিয়াৰ April 25, 2019 3:24 pm
Missing Sahitya Sabha

আজিৰ পৰা চাৰিদিনীয়া কাৰ্য্যসূচীৰে মাজুলীত আৰম্ভ হৈছে সাহিত্য সভাৰ ২৩ সংখ্যক কেন্দ্ৰীয় অধিবেশন। মাজুলীৰ নতুন বজাৰৰ তৰুণ চন্দ্ৰ পামেগাম ক্ষেত্ৰত অনুষ্ঠিত হোৱা মিচিংসকলৰ জাতীয় অনুষ্ঠান ‘আগম কেবাং’ অৰ্থাৎ সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশনখনিক লৈ ইতিমধ্যে স্থানীয় ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনাৰ সৃষ্টি হৈছে।

অসমৰ এটা উল্লেখযোগ্য জনগোষ্ঠী মিচিং সকলৰ স্বকীয় ভাষা আৰু সংস্কৃতিৰ উন্নয়নৰ বাবে কাম কৰি অহা মিচিং সাহিত্য সভাখন সফলভাবে অনুষ্ঠিত কৰাৰ বাবে উদ্যোক্তা সমিতিয়ে সকলো ধৰণৰ প্ৰস্তুতি প্ৰায় সম্পুৰ্ণ কৰি তুলিছে।

আমাৰ স্থানীয় সংবাদ দাতাৰ প্ৰতিবেদন অনুসৰি অধিবেশনস্থলীত সুবৃহৎ মূল মঞ্চৰ লগতে তিনিটা মৃৎ ঘৰ সাজি উলিওৱা হৈছে। প্ৰায় ৩০০ ৰো অধিক স্বেচ্ছাসেৱক দিনে-নিশাই অধিবেশনখন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে জড়িত হৈ থাকিব।

আনহাতে, অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰায় ১৫০০ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পৰাও ভালেসংখ্যক প্ৰতিনিধিয়ে অধিবেশনত অংশগ্ৰহণ কৰিছে। অধিবেশনৰ লগত সংগতি ৰাখি প্ৰতিনিধি সভাৰ লগতে সাংস্কৃতিক কাৰ্য্যসূচী, প্ৰদৰ্শনী আদিৰো ব্যৱস্থা কৰিছে আদৰণি সমিতিয়ে।