NORTHEAST NOW (Assamese)

খাদ্যত বিষক্ৰিয়া : পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত ২৪ জনকৈ লোক অসুস্থ, চিকিৎসাধীন

March 21, 2019 6:07 pm · এন ই নাও নিউজ

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ জেংখাৰ ৰংপি গাঁৱত বুধবাৰে সন্ধিয়া চড়ক পূজাৰ মাংস খোৱাৰ পাছতেই একাংশ লোক অসুস্থ হৈ পৰে। মাংস খোৱাৰ পাছত এনেদৰে অসুস্থ হৈ পৰা ২৪ জন লোকক লগে লগেই চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে, পশ্চিম কাৰ্বি আংলঙ জিলাৰ খেৰণি থানাৰ অন্তৰ্গত জেংখাৰ ৰংপি গাঁৱত দুদিনীয়া কাৰ্যসূচীৰে কাৰ্বি পৰম্পৰাগত চড়ক পূজাৰ আয়োজন কৰা হৈছিল। এই পূজাত অঞ্চলটোৰ প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰে। এই পূজাৰ দ্বিতীয় দিনা অৰ্থাৎ বুধবাৰে দিনত ৰন্ধা মাংস খোৱাৰ পাছতে গাঁওখনৰ পুৰুষ-মহিলাকে ধৰি এজন এজনকৈ লোক অসুস্থ হৈ পৰে।

এনেদৰে অসুস্থ হৈ পৰা ২৪জন লোকৰ ভিতৰত ১২ জনক নিশাই খেৰণি আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰা হয়। আনহাতে, বৃহস্পতিবাৰে পুৱা পুনৰ আন ১২ জন লোকক চিকিৎসালয়খনত ভৰ্তি কৰোৱা হয়।

ইপিন, প্ৰাথমিক চিকিৎসা প্ৰদানৰ পাছত ইয়াৰ মাজৰে কেইজনমান লোকক উন্নত চিকিৎসাৰ বাবে নগাঁও, ডিফু আদি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। জানিব পৰা মতে, অসুস্থ লোকৰ সংখ্যা ক্ৰমে বৃদ্ধি পাই আছে।

স্থানীয় ৰাইজে চড়ক পূজাৰ মাংস ৰন্ধাত ব্যৱহাৰ কৰা মিঠাতেল, মচলা আদিৰ  বাবে বিষক্ৰিয়া হোৱাৰ সন্দেহ ব্যক্ত কৰিছে। তদুপৰি, হঠাৎ এনেদৰে পূজাৰ মাংস খাই লোকসকল অসুস্থ হৈ পৰাত অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

Related News