NORTHEAST NOW (Assamese)

জল সংকট : পানীৰ অভাৱত ভুগিছে বিশ্বৰ ২৫ খন দেশে

August 17, 2023 9:10 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 17, 2023 7:27 pm

অত্যধিক প্ৰদূষণ, জনসংখ্যা বৃদ্ধি, গোলকীয় উষ্ণতা, বনাঞ্চল ধ্বংস আদিয়ে মানৱ জাতিৰ মৃত্যুঘন্টা বজাব লাগিছে। হ্ৰাস পাইছে বিশ্বৰ জলপৃষ্ঠ। হাজাৰ সতৰ্কবাণীৰ পিছতো ভৱিষ্যত পৃথিৱীৰ কথা চিন্তা কৰা নাই মানৱ জাতিয়ে।

শেহতীয়া খবৰ অনুসৰি বিশ্বৰ বিভন্ন দেশৰ ভূ-পৃষ্ঠৰ তলৰ পানীৰ স্তৰ ইমানেই কমিছে যে ৪০-৫০ ফুট গভীৰতাতো পানীৰ সন্ধান নাই।

এই পৰিস্থিতি কেৱল ভাৰততে নহয়, বিশ্বৰ বহু দেশেই সন্মুখীন হৈছে তীব্ৰ জল সংকটৰ। পানীৰ অপচয়, জনসংখ্যা বৃদ্ধি, নগৰায়ন, উদ্যোগিক এলেকাৰ সৃষ্টিৰ লগতে জলবায়ু পৰিৱৰ্তনো এই সংকটৰ অন্যতম কাৰণ। 

শেহতীয়াকৈ বিশ্ব সম্পদ প্ৰতিষ্ঠানৰ এক প্ৰতিবেদনত জল সংকটৰ ভয়াৱহ পৰিণতিৰ বিষয়ে সকীয়াই দিয়া হৈছে। প্ৰতিবেদন অনুসৰি বিশ্বৰ মুঠ জনসংখ্যাৰ এক চতুৰ্থাংশ থকা বিশ্বৰ ২৫খন দেশ চৰম জল সংকটৰ সন্মুখীন হৈছে। 

বিশ্বৰ ৪ বিলিয়নতকৈ অধিক লোকে বছৰত কমেও এমাহ ধৰি ভয়াৱহ পানীৰ সংকটৰ সন্মুখীন হৈছে। ২০৫০ চনৰ ভিতৰত এই সংখ্যা ৬০ শতাংশলৈ বৃদ্ধি হ’ব পাৰে বুলি দাবী কৰিছে বিশ্ব সম্পদ প্ৰতিষ্ঠানে।

প্ৰতিবেদনখনৰ মতে এই জলসংকটে কেৱল সাধাৰণ মানুহৰ জীৱনতে নহয়, দেশৰ অৰ্থনীতিতো ব্যাপক প্ৰভাৱ পেলাব। ২০৫০ চনৰ ভিতৰত জিডিপিৰ ৭০ ট্ৰিলিয়ন টকা, যিটো বিশ্বৰ জিডিপিৰ ৩১ শতাংশ, জল সংকটৰ বাবে ব্যয় কৰা হ’ব। 

উল্লেখ্য যে, ২০১০ চনত এই সংখ্যা আছিল ১৫ ট্ৰিলিয়ন। ২০৫০ চনত ভাৰত, মেক্সিকো, ইজিপ্ত আৰু তুৰস্ক দেশৰ জিডিপিৰ আধা ধন পানীৰ ক্ষেত্ৰতেই ব্যয় হ’ব বুলি দাবী কৰিছে প্ৰতিষ্ঠানটোৱে।

Related News