NORTHEAST NOW (Assamese)
চাকৰি

ডিগ্ৰী শেষ কৰি আই আই টি বম্বেৰ ২৫% স্নাতকে নাপালে সংস্থাপন : বছৰি ৪ লাখলৈ হ্ৰাস দৰমহা

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 3, 2024 5:35 pm

শেহতীয়াকৈ মুম্বাই আই আই টিৰ প্লেচমেন্ট চিজনে আশ্চৰ্যৰ সৃষ্টি কৰিছে। বহু ছাত্ৰ-ছাত্ৰীয়ে ডিগ্ৰী শেষ কৰি সংস্থাপন নোপোৱাৰ তথ্য পোহৰলৈ আহিছে। লগতে দৰমহাৰ পৰিমাণো যথেষ্ট হ্ৰাস পাইছে।

উল্লেখ্য যে পূৰ্বতে প্লেচমেন্ট চিজনত সংস্থাপন লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ নুন্যতম বাৰ্ষিক দৰমহা আছিল ৬ লাখ টকা। এইবাৰ এই দৰমহা ৪ লাখ টকালৈ হ্ৰাস পাইছে বুলি জানিবলৈ পোৱা গৈছে।

নূন্যতম দৰমহা হ্ৰাস পাইছে যদিও আই আই টি বম্বেৰ গড় বাৰ্ষিক পেকেজ ৭.৭ শতাংশ সামান্য বৃদ্ধি পাই যোৱা বছৰৰ ২১.৮ লাখ টকাৰ তুলনাত ২৩.৫ লাখ টকালৈ বৃদ্ধি পাইছে। কিন্তু কেম্পাছ সংস্থাপন মেলাৰ জৰিয়তে সংস্থাপন পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা পূৰ্বৰ তুলনাত হ্ৰাস পাইছে।

কেম্পাছ সংস্থাপন মেলাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাত্ৰ ৭৫ শতাংশইহে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে যোৱা বছৰ কেম্পাছৰ পৰা ৮২ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে সংস্থাপন লাভ কৰিছিল। যোৱা বছৰ এই সংস্থাপন মেলাত ৩২৪টা কোম্পানীয়ে অংশগ্ৰহণ কৰিছিল।

কিন্তু এইবাৰ এই সংস্থাপন মেলাত ৭৫ শতাংশ ছাত্ৰ-ছাত্ৰীয়েহে সংস্থাপন লাভ কৰিছে। লগতে সংস্থাপন মেলাত অংশগ্ৰহণ কৰা কোম্পানীৰ সংখ্যা এইবাৰ ৩৬৪টালৈ বৃদ্ধি পাইছে।