NORTHEAST NOW (Assamese)
Popular Stories

ইৰানত ক’ৰ’ণাত আক্ৰান্ত আঢ়ৈ কোটি লোক! ৰাষ্ট্ৰপতিৰ দাবীক লৈ তোলপাৰ বিশ্ব

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 18, 2020 8:40 pm
Hassan-Rouhani

প্ৰায় আঠ কোটি জনসংখ্যাৰ এখন দেশ। মধ্য প্ৰাচ্যৰ প্ৰাচুৰ্য-বৈভৱেৰে ভৰা দেশ ইৰানত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা শুনি এতিয়া বহুতৰে চকু থৰ লাগিছে।

আঠ কোটি জনসংখ্যাৰ দেশ ইৰানত আঢ়ৈ কোটি মানুহেই আক্ৰান্ত হৈছে মাৰাত্মক ক’ৰ’ণা ভাইৰাছত।

এয়া কোনো সাধাৰণ ব্যক্তিয়ে কৰা দাবী নহয়। এই দাবী কৰিছে খোদ ইৰানৰ ৰাষ্ট্ৰপতিয়ে।

ইৰানৰ ৰাষ্ট্ৰপতি হাছান ৰৌহানিয়ে শনিবাৰে টেলিভিছনত দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত এই বুলি কয় যে ইৰানত এতিয়া আঢ়ৈ কোটি লোক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে।

অনাগত দিনত দেশখনৰ আৰু চাৰে তিনি কোটি লোক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ আশংকা থকা বুলি ৰৌহানিয়ে কয়।

তেওঁ লগতে কয় যে ইৰানত ১৮ হাজাৰ লোকৰ ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে।

ৰাষ্ট্ৰপতি ৰৌহানিৰ এনে ঘোষণাৰ পিছতে সমগ্ৰ বিশ্বতে এই মন্তব্যক লৈ জোকাৰণিৰ সৃষ্টি হৈছে।

কাৰণ ক’ৰ’ণা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত প্ৰথম স্থানত থকা দেশ খন হৈছে আমেৰিকা।

আমেৰিকাৰ পিছতে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে ব্ৰাজিল আৰু ভাৰত।

ইৰানৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি দেশ খনত ক’ৰ’ণাত আক্ৰান্তৰ সংখ্যা হৈছে প্ৰায় ২ লাখ ৭০ হাজাৰ।

স্বাস্থ্য বিভাগৰ তথ্য আৰু ৰাষ্ট্ৰপতিৰ ভাষ্যৰ মাজত আকাশ পাতাল পাৰ্থক্যই এতিয়া সেয়ে বহুতকে আচৰিত কৰিছে।

ৰাষ্ট্ৰপতি ৰৌহানিৰ ভাষ্য যদি সঁচা হয় তেন্তে ৮ কোটি জনসংখ্যাৰ দেশ ইৰানৰ ৭৫ শতাংশ লোকেই হৈছে ক’ৰ’ণাত আক্ৰান্ত!