NORTHEAST NOW (Assamese)
Popular Stories

৩ লাখ টকাত বিক্ৰী হৈছে ২৫০০ টকীয়া টিকট! বুক মাই শ্ব’ৰ CEOক কল্ডপ্লে কনচাৰ্টৰ পূৰ্বে আৰক্ষীৰ চমন

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 28, 2024 12:50 pm

জানুৱাৰী মাহত মুম্বাইলৈ আহি আছে ব্ৰিটিছ বেণ্ড ‘কল্ড প্লে’। যিটো পাগলৰ দৰে। দেওবাৰে বুক মাই শ্ব’ৰ জৰিয়তে এই কনচাৰ্টৰ টিকট বিক্ৰী কৰা হয়। বিক্ৰী আৰম্ভ হোৱাৰ কেইছেকেণ্ডমান আগতেই বুক মাই শ্ব’ৰ ৱেবছাইটটো ক্ৰেচ হৈ পৰে। পাছত ৱেবছাইটটো ঠিক কৰি টিকট বিক্ৰী আৰম্ভ হ’ল যদিও বহুতে টিকট নাপালে। এতিয়া মুম্বাই আৰক্ষীয়ে এই টিকটৰ ক’লা বজাৰৰ বাবে বুক মাই শ্ব’ৰ CEO আশীষ হেমৰাজনীক মাতি আনিছে। এই ব্যৱস্থা এজন অধিবক্তাই দাখিল কৰা অভিযোগৰ ভিত্তিত কৰা হৈছে বুলি কোৱা হৈছে।

মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত ১৯ৰ পৰা ২১ জানুৱাৰীলৈ কনচাৰ্ট অনুষ্ঠিত হ’ব ‘কল্ড প্লে’। অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে। ফলত টিকটৰ পৰিস্থিতি কাৰ্যতঃ কটকটীয়া হৈ পৰিছে। এই সুযোগ গ্ৰহণ কৰি ক’লা বজাৰ চলি থকা বুলি অভিযোগ উত্থাপন কৰে অধিবক্তা অমিত ব্যাসে।

অধিবক্তাগৰাকীৰ অভিযোগ অনুসৰি বুক মাই শ্ব’ই জনপ্ৰিয় ব্ৰিটিছ বেণ্ডৰ অনুৰাগীক প্ৰতাৰণা কৰি এনেদৰে টিকট বিক্ৰী কৰি আছে।

শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰে ঘটনা সন্দৰ্ভত সম্পূৰ্ণ তদন্তৰ দাবী জনায়। আনহাতে মুখ্যমন্ত্রী একনাথ সিন্দেই কয়– ‘অনলাইন টিকট বিক্ৰী আৰম্ভ হোৱাৰ কেইমিনিটমানৰ ভিতৰতে সকলো টিকট বিক্ৰী হৈ গ’ল৷ বহু অনুৰাগীৰ হৃদয় ভাঙিছে। টিকটৰ ক’লা বজাৰৰ আঁৰত এটা গেঙে কাম কৰিছে।’

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ‘এনেধৰণৰ কাণ্ডৰ পৰা হাত সাৰিবলৈ জনসাধাৰণৰ ভূমিকাও প্ৰয়োজনীয় বুলি মোৰ বিশ্বাস।’ ইফালে বিজেপিৰ মুখপাত্ৰ ৰাম কদমে কয় যে, ‘এনেধৰণৰ ঘটনাৰ সৈতে জড়িত লোকক জেলত ভৰোৱা উচিত। ৰাজ্যখনত কোনো ধৰণৰ ক’লা বজাৰ আমি সহ্য নকৰো।’