NORTHEAST NOW (Assamese)
দেশ

পথ দুৰ্ঘটনাত আহতসকলক চিকিৎসালয়লৈ লৈ গ’লেই পাব ২৫ হাজাৰ টকাৰ পুৰস্কাৰ! ঘোষণা নীতিম গাডকাৰীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 14, 2025 2:41 pm

পথ দুৰ্ঘটনাত আহতসকলক শীঘ্ৰে চিকিৎসালয়লৈ লৈ গ’লে এতিয়াৰে পৰা ২৫ হাজাৰ টকা পুৰস্কাৰ হিচাপে দিয়া হ’ব। এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে।

মূলতঃ দুৰ্ঘটনাত আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলৈ দেশবাসীক উৎসাহিত কৰাৰ উদ্দেশ্যে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।

কেন্দ্ৰীয় চৰকাৰে প্ৰথমে ২০২১ চনত এই আঁচনি আৰম্ভ কৰিছিল। সেই সময়ত চৰকাৰে দুৰ্ঘটনাত আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ বাবে ৫ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল।

দুৰ্ঘটনাৰ প্ৰথম ঘণ্টাটোক সোণালী ঘণ্টা বুলি কোৱা হয়। চিকিৎসকৰ মতে সেই সময়ত যদি চিকিৎসা আৰম্ভ হয় তেন্তে জীয়াই থকাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়।

পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস কৰিবলৈ চৰকাৰে এই উদ্যোগ লৈছিল। এইবাৰ পুৰস্কাৰৰ পৰিমাণ বৃদ্ধি কৰা হৈছে।

শেহতীয়াকৈ নাগপুৰত অনুষ্ঠিত এক অনুষ্ঠানত নীতিন গাডকাৰীয়ে কয় যে, আহতসকলক চিকিৎসালয়লৈ নিয়াৰ বাবে বৰ্তমানৰ পুৰস্কাৰ যথেষ্ট নহয়। আমি সিদ্ধান্ত লৈছো যে সেই গুৰুত্বপূৰ্ণ ঘণ্টাৰ ভিতৰত ‘গুড চেমাৰিটান’ই আহতসকলক চিকিৎসালয়লৈ লৈ গ’লে পুৰস্কাৰৰ ধন ৫ হাজাৰৰ পৰা ২৫ হাজাৰলৈ বৃদ্ধি কৰিম।

মন কৰিবলগীয়া যে শেহতীয়াকৈ কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰীয়ে পথ দুৰ্ঘটনাত আহতসকলৰ বাবে ‘নগদবিহীন চিকিৎসা’ ঘোষণা কৰিছে।