NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

আমেৰিকাত ধুমুহাৰ তাণ্ডৱ: ২৬ গৰাকীৰ মৃত্যু, আহত কেইবাগৰাকীও

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 2, 2023 8:49 pm
Tornado in US

বিধ্বংসী ধুমুহাই ধ্বংসস্তূপত পৰিণত কৰিছে আমেৰিকাৰ দক্ষিণ-মধ্য আৰু পূব অঞ্চলত। প্ৰকৃতিৰ এই তাণ্ডৱত প্ৰাণ হেৰুৱাইছে ২৬ গৰাকী আমেৰিকানে। লগতে ক্ৰমাৎ পূব দিশলৈ গতি কৰা এই ভয়াৱহ ধুমুহাত আহত হৈছে অসংখ্য লোক।

 

যোৱা শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা এই বিধ্বংসী ধুমুহাই প্ৰধানকৈ টেনেচিত সংহাৰী ৰূপ ধাৰণ কৰিছে। আমেৰিকাৰ স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি টেনেচিত ধুমুহাৰ ফলত মৃতকৰ সংখ্যা ৯ গৰাকীলৈ বৃদ্ধি পাইছে।

এছ’চিয়েটেড প্ৰেছে প্ৰকাশ কৰা অনুসৰি টেনেচিৰ উপৰিও আৰ্কানচাছ, মিচিচিপি, আলাবামা, মধ্য পশ্চিমৰ চহৰ ইণ্ডিয়ানা আৰু ইলিনয়, মধ্য আটলাণ্টিকৰ ডেলাৱেৰত প্ৰাণহানি হৈছে স্থানীয় বাসিন্দাৰ।

প্ৰকৃতিৰ ৰোষত পৰা এই আমেৰিকান চহৰসমূহত ৫ কোটিতকৈ অধিক লোক ভাবুকিৰ সন্মুখীন হৈছে বুলি আন্ত: ৰাষ্ট্ৰীয় সংবাদ সংস্থা চিএনএনে এক প্ৰতিবেদনত প্ৰকাশ কৰিছে।