NORTHEAST NOW (Assamese)
অসম

উত্তৰ প্ৰদেশত চন্দ্ৰিকা দেৱীৰ মন্দিৰৰ পৰা উভতি আহোতে পুখুৰীত বাগৰিল ট্ৰেক্টৰ ,২৬ গৰাকী ভক্তৰ মৃত্যু

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 2, 2022 5:45 pm

ভয়ংকৰ দুৰ্ঘটনাত মুঠ ৩১ জন লোকৰ মৃত্যু ঘটাৰ কথাই সমগ্ৰ উত্তৰ প্ৰদেশতে শোকৰ ছাঁ পেলাইছে। চন্দ্ৰিকা দেৱীৰ মন্দিৰৰ পৰা উভতি আহোতে এখন ট্ৰেক্টৰ পুখুৰীত পৰি যোৱাৰ ফলত ২৬ জন ভক্তৰ মৃত্যু ঘটিছে।

নিহতসকলৰ বেছিভাগেই শিশু আৰু মহিলা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটো সংঘটিত হয় উন্নাওৰ ঘাটামপুৰ অঞ্চলত । জানিব পৰা মতে ৫০ জন তীৰ্থযাত্ৰীক কঢ়িয়াই নিয়া এখন ট্ৰেক্টৰ ট্ৰলী চন্দ্ৰিকা দেৱীৰ মন্দিৰৰ পৰা উভতি আহি আছিল।

হঠাতে ট্ৰেক্টৰ খনে নিয়ন্ত্ৰণ হেৰুৱাই এটা পুখুৰীত বাগৰি পৰে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই দুৰ্ঘটনাত কমেও ২৬ জন লোকৰ মৃত্যু হৈছে।

তেওঁলোকৰ বেছিভাগেই শিশু আৰু মহিলা। ২০ জন লোকআঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
প্ৰধানমন্ত্ৰী মোদীয়ে মৃতকৰ আত্মীয়সকলক ২ লাখ টকা আৰু আহতসকলক ৫০,০০০ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব বুলি ঘোষণা কৰিছে।

আনহাতে কানপুৰৰ আৰহাইন ফ্লাইঅভাৰৰ ওচৰত ট্ৰাক-টেম্পোৰ সংঘৰ্ষত পাঁচজন লোক নিহত হয়।